Good Evening, Ma’am
মীনাক্ষী গোস্বামী,যোৰহাট
যোৱা কালি সন্ধিয়া মই আৰু মোৰ স্বামী ঘৰৰ সৰু-সুৰা বস্তু কেইটামান কিনিবলৈ ওচৰৰে বজাৰখনলৈ বুলি ওলাই গৈছিলোঁ। বজাৰখন ওচৰতে হোৱা বাবে আমি সাধাৰণতে খোজ কাঢ়িয়েই যাওঁ। মোক ফুটপাথৰ কাষত অলপ অপেক্ষা কৰিবলৈ কৈ মোৰ স্বামী পাচলি বজাৰখনৰ ফালে সোমাই গ’ল। মই পথৰ মানুহবোৰৰ অলেখ লেখ চাই থিয় হৈ ৰৈ আছোঁ। ঠিক তেনেকুৱাতেই এজন ওখ- পাখ সুদৰ্শন যুৱক আহি মোৰ সন্মুখত থিয় হৈ
মৃদু হাঁহি এটা মাৰি ক’লে—
“Good evening, Ma’am.”
কথাষাৰ কোৱাৰ লগে লগে তেওঁ পোনে পোনে মোৰ ভৰি স্পৰ্শ কৰিলে।বজাৰৰ মাজত হঠাৎ এনে এটা পৰিস্থিতিয়ে মোক অলপ অপ্ৰস্তুত কৰি তূলিলে যদিও মই নিশ্চিত হলো যে এওঁ মোৰ কোনোবা প্ৰাক্তন ছাত্ৰ। কিন্তু সময়ে মুখখন ইমান সলাই দিছে যে সহজে চিনি পোৱাই কঠিন।
তেওঁ নিজেই হাঁহি হাঁহি ক’লে, — “মেম, মোক পাহৰিলে নেকি? মই ৰাহুল… ৰাহুল দত্ত। আপোনালোকৰ এসময়ৰ মূৰৰ কামোৰণি।”
লগে লগেই মোৰো মনত পৰি গ’ল — “অ’ তুমি ৰাহুল! এতিয়া বাৰু মই তোমাক এইটো চেহেৰাত কেনেকৈ চিনি পাওঁ? ক্লাছ টেনৰ সেই সৰু মটিয়া ল’ৰাটো এতিয়া একেবাৰে ডাঙৰ মানুহ হৈ গ’লা। তাৰ পিছত সুধিলোঁ, — “কোৱাচোন, এতিয়া তুমি কি কৰি আছা?”
ৰাহুলে এক প্ৰৱল আত্মবিশ্বাসেৰে নিজৰ জীৱনৰ অগ্ৰগতিৰ বিষয়ে মোক ক’বলৈ ধৰিলে কেনেদৰে তেওঁ উচ্চতৰ মাধ্যমিকৰ পিছত দিল্লীলৈ গৈ আইন পঢ়ি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে আৰু বৰ্তমানে এটা আন্তঃৰাষ্ট্ৰীয় কোম্পানীত আইন উপদেষ্টা হিচাপে কৰ্মৰত হৈ আছে। ৰাহুলৰ এই সফলতাৰ বাতৰিয়ে মোক বুকুৰ ভিতৰত এক অবৰ্ণনীয় আনন্দ দিলে। ভাবিলোঁ, যি ল’ৰাটোৰ বাবে এসময়ত আমি ইমান চিন্তা কৰিছিলোঁ, সি আজি নিজৰ জীৱনটো সুন্দৰকৈ গঢ়ি তুলিবলৈ সক্ষম হৈছে। এজন শিক্ষক হিচাপে ইয়াতকৈ ডাঙৰ পুৰস্কাৰ আৰু কি হ’ব পাৰে? অলপ সময় কথা বতৰা পাতি ৰাহুলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল’লে মোৰ পৰা।
ঠিক সেই সময়তে মোৰ স্বামীও বজাৰৰ পৰা উভতি আহিল। আমি ঘৰমুৱা হ’লোঁ।কিন্তু উভতি যোৱাৰ গোটেই বাটটো মোৰ মনত কেৱল ৰাহুলৰ কথাই আৱৰি থাকিল।
লাহে লাহে স্মৃতিৰ পৰ্দাখন খুলি গ’ল… প্ৰায় একৈশ বছৰ আগৰ কথা। ক্লাছ থ্ৰীত তেতিয়া নতুনকৈ নামভৰ্তি হৈছিল এটি মৰমলগা ল’ৰা—ৰাহুল। তাৰ চকুত আছিল দীপ্তি, কথাত আছিল আত্মবিশ্বাস। ক্লাচৰ সকলো কাৰ্যতে আগ ৰণুৱা ৰাহুল।তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, চিত্ৰাংকন—সকলোতেই ৰাহুলৰ আগস্থান।কেইদিনমানতে সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ মৰমৰ পাত্ৰ হৈ পৰিছিল ৰাহুল।কিন্তু ক্লাছ ফাইভ ছিক্স মানৰ পৰা ৰাহুলৰ চাল চলন বোৰ কিছু সলনি হ’বলৈ ধৰিলে। সি সকলো কাৰ্যতে অলপ অমনোযোগি হ’বলৈ আৰম্ভ কৰা হ’ল।
এদিন নৈতিক শিক্ষাৰ ক্লাছত শিক্ষকজনে সকলোকে নিজৰ আটাইতকৈ ভালপোৱা বিষয়টোৰ ওপৰত ছবি আঁকিবলৈ দিলে।কোনোবাই পাহাৰ আঁকিলে, কোনোবাই ফুল, কোনোবাই ঘৰ।
ৰাহুলে আঁকিলে এখন ব্যতিক্ৰমী ছৱি এখন হৃদয়, হৃদয়ৰ এফালে এগৰাকী মহিলা, আনফালে এজন পুৰুষ।
শিক্ষকে ৰাহুলক সুধিলে, — “এই দুয়োজন কোন?”
ৰাহুলে বৰ সহজকৈ ক’লে, — “মোৰ মা আৰু দেউতা।” “মই দুয়োকে বহুত ভাল পাওঁ। কিন্তু তেওঁলোক একেলগে নাথাকে। মই কেৱল বিচাৰোঁ, তেওঁলোক দুয়ো মোৰ লগত থাকক।”
কথাখিনি কওঁতে সি হাঁহি আছিল। কিন্তু সেই হাঁহিৰ আঁৰত লুকাই আছিল এটা শিশুৰ অসীম শূন্যতা। তাৰ মাক-দেউতাকৰ বিবাহ বিচ্ছেদ হৈছিল। প্ৰথম অৱস্থাত ৰাহুল মাকৰ লগত আছিল। পিছত দেউতাকে জোৰকৈ নিজৰ ওচৰলৈ লৈ আহিছিল।মাকে কেতিয়াবা স্কুল ছুটিৰ পিছত বা বন্ধৰ সময়ত পুতেকক লগ কৰিবলৈ আহিছিল।মাকক লগ পাবৰ দিনা সি বৰ ফূৰ্তিৰে থাকে। দেউতাকৰ পৰিয়ালত ককাক ,আইতাক, খুড়াক সকলোৱে ৰাহুলক বৰ মৰম কৰিছিল , কিন্তু এই সকলোবোৰৰ মাজতো ৰাহুলে মাকৰ মৰম বিচাৰি ব্যাকুল হৈ পৰিছিল। কোনো কোনো সময়ত সি শ্ৰেণী -শিক্ষয়ত্ৰী সকলোকো কৈছিল তাৰ দেউতাকক কৈ মাকক তাহাতৰ লগলৈ লৈ আনিবলৈ। সৰু ল’ৰা এটাৰ মনলৈ শান্তি ঘূৰাই আনিবলৈ স্কুলৰ পৰা বহু প্ৰচেষ্টাও চলোৱা হৈছিল। কিন্তু মাক দেউতাকৰ ইগ’ৰ ওচৰত ৰাহুলৰ হেপাহ বোৰ ক’ৰবাত হেৰাই গ’ল।লাহে লাহে মাকক ৰাহুলক লগ কৰিবলৈও নিদিয়া হ’ল।
দুজন প্ৰাপ্তবয়স্ক মানুহৰ ইগ’ৰ ওচৰত এজন শিশুৰ চকুপানীৰ কোনো মূল্য নাছিল।মাকৰ মৰম বিচাৰি বিচাৰি ৰাহুলৰ অন্তৰখন শুকাই গ’ল। যি ল’ৰাটোৱে এসময়ত প্ৰতিযোগিতাৰ মঞ্চ কঁপাইছিল, সি লাহে লাহে পঢ়াশুনাৰ পৰা আঁতৰি গ’ল। খঙাল, অবাধ্য, অস্থিৰ হৈ পৰিল। ক্লাছ টেনৰ পৰীক্ষা কোনোমতে পাৰ কৰিলে। তাৰ পিছত ৰাহুলক আন স্কুললৈ লৈ গ’ল। পিছত শুনিলোঁ, সি নিচাৰ কবলত পৰিছে।দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰথম দিনা তাক শেষবাৰৰ বাবে দেখিছিলোঁ। গোটেই গাত কটা-চিঙাৰ দাগ। দেউতাকে কৈছিল, “ৰাস্তাত পৰি দুখ পাইছে।”
পিছত জানিলোঁ, আচলতে নিচাৰ কবলত পৰা ৰাহুলক দেউতাকে মৰিয়াই-মৰিয়াই পৰীক্ষা কেন্দ্ৰলৈ আনিছিল।
সেইদিনা ঘৰলৈ উভতি আহোঁতে মোৰ বুকুখন বৰ বিষাইছিল । ভাবিছিলোঁ— এটা উজ্জ্বল নক্ষত্ৰ হয়তো চিৰদিনৰ বাবে আকাশৰ পৰা সৰি গ’ল। কিন্তু যোৱা কালিৰ সাক্ষাতে যেন মোক বিশ্বাস কৰাইছিল—কেতিয়াবা অলৌকিক ঘটনাও ঘটে।সেই আনন্দতেই মই মোৰ এগৰাকী পুৰণি বান্ধবীক ফোন কৰিলোঁ। তেওঁ ৰাহুলৰ অলপ দূৰ সম্পৰ্কীয়ও হয়। উৎসাহেৰে সকলো ক’লোঁ।
তেওঁ কিছু সময় নীৰৱে থাকি মাত্ৰ এটা বাক্য ক’লে— “ৰাহুলে তোমাক সকলো মিছা কথা কৈছে। সি কোনো আন্তঃৰাষ্ট্ৰীয় কোম্পানীত চাকৰি নকৰে। সৰু-সুৰা ব্যৱসায় কৰে। নিচা এৰিছে নে নাই, সেয়াও নিশ্চিত নহয়। স্বভাৱটোও বিশেষ সলনি হোৱা নাই।”
মই বহু সময় একো ক’ব নোৱাৰিলোঁ। ফোনটো থৈ দিছিলোঁ। খিৰিকীৰে আকাশখনলৈ চাই ৰ’লোঁ।মোৰ বুকুত তেতিয়া এটা প্ৰশ্নই ঘূৰি ফুৰিছিল— ৰাহুলে মোক মিছা কিয় ক’লে? মোৰ ওচৰত নিজৰ ব্যৰ্থতা লুকুৱাবলৈ? নে…
এজন শিক্ষকৰ চকুত তেওঁ আজিও সেই আশা ভৰা, প্ৰতিভাৱান ৰাহুল হৈ জীয়াই থাকিব বিচাৰিছিল? মই উত্তৰ বিচাৰি নাপালোঁ। কিন্তু এটা কথা বুজিলোঁ— জীৱনত বহু সময়ত মিছা কথাও সফলতাৰ অহংকাৰৰ বাবে কোৱা নহয়; কোৱা হয় অপূৰণীয় সপোনৰ লাজ ঢাকিবলৈ।
সেইদিনা বজাৰৰ ভিৰত মোৰ ভৰি চুই “Good evening, Ma’am” বুলি কোৱা যুৱকজন হয়তো কোনো আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ আইন উপদেষ্টা নাছিল।কিন্তু তেওঁ এতিয়াও মোৰ ছাত্ৰ। আৰু শিক্ষক হিচাপে মই আজিও প্ৰাৰ্থনা কৰোঁ— এদিন যেন সি আনক নহয়, নিজকো আৰু মিছা ক’ব নালাগে।
কাৰণ, শিশুৰ হৃদয়ত মাক-দেউতাকৰ সংঘাতৰ যি দাগ পৰে, সময়ে হয়তো শুকুৱাই দিয়ে, কিন্তু সম্পূৰ্ণ মচি পেলাব নোৱাৰে। কেতিয়াবা সেই দাগবোৰেই জীৱনৰ আটাইতকৈ দীঘলীয়া কাহিনী হৈ ৰৈ যায়।
