বুকুৰ বেথা
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি
ক’ত থওঁ
কি কৰোঁ
কাক কওঁ
বুকুৰ অযুত বেথা
মনৰ ভিতৰতে
আছে কলকলাই৷
চুহি চুহি খাইছে
কলিজাটো এফালৰপৰা
নাজানো কিয়
শব্দবোৰচোন আজি
আছেহি দুটি ওঁঠত
ভুনভুনাই৷
মুখা পিন্ধা
মুখবোৰ আৰু কিমান চাবা
ক’লেই জানো
বুজি পাব
বুকুৰ বেথা
সলাগ সকলোৱে ল’ব
পিছে আন্ধাৰৰ
সুযোগলৈ
সিহঁতেই উপলুঙা কৰিব
কিৰিলিয়াই!
