তুমি – মেৰী বৰদলৈ

Pc Art in Context
এটি অনুভৱঃ

তুমি

মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি

তুমি সুখী হ’ব
পৰাকৈ
এখন সোণসেৰীয়া আকাশ দিব
পাৰিছোঁনে নাই নাজানো মই
মই মাথোঁ তোমাক
সুখৰ জোনাকত
চাব বিচাৰোঁ৷
তুমি সুখী হ’ব
পৰাকৈ
তোমাৰ কপৌফুলীয়া ওঁঠযুৰিত
এটি হাঁহি আঁকিব
পাৰিছোঁনে নাই নাজানো মই
মই মাথোঁ তোমাৰ
কপৌফুলীয়া ওঁঠযুৰিত
এপাহি সুখৰ হাচনাহানা ফুলা
চাব বিচাৰোঁ৷
তুমি সুখী হ’ব
পৰাকৈ
তোমাৰ উশাহৰ গহনত এধাৰ
ভালপোৱাৰ গহনা পিন্ধাব
পাৰিছোঁনে নাই নাজানো মই
মই মাথোঁ তোমাৰ
উশাহৰ গহনত
সুখৰ এধাৰ বসন্ত ৰং
চাব বিচাৰোঁ!