অণুগল্প
উৰহীৰ ওৰ
জুনুকা পাঠক
বৰপেটা
ৰ’দ- বৰষুণ, দিন- ৰাতি একাষৰীয়া কৰি হাড় ভঙা পৰিশ্ৰমত ঠন ধৰি উঠা হলধৰৰ বাগানখন ঘৰখনৰ লগতে গোটেই চুবুৰীতে জাকত- জিলিকা আৰু সমাদৃত । তাৰ অহৰহ সৎ চিন্তা — বোলো এক গুলিত দুই চিকাৰ । উদ্ভিদৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বী হোৱাৰ লগতে গোলকীয় উত্তাপত প্ৰদূষিত প্ৰকৃতিয়ো নিষ্কাষণ হ’ব ! তথাপি, নোপোজা দুখ এটাই তাক অন্তৰ খাই পেলায় । ক’ৰ ক’ৰ পৰা আনি সি ৰোপন কৰিলে , কিন্তু আজিলৈকে বাঁহ গছ এজোপা থিয় কৰাই ল’ব পৰা নাই। এইবাৰ বাঁহ পুলিটো ৰুই সি কাৰণটো ভালকৈ নিৰীক্ষণ কৰাত লাগিল।
—-ঐ নৰেন , ৰহ-ৰহ ; কি কৰিছ ?
আধামৰা পুলিটো চাই হলধৰে চিৎকাৰ কৰি উঠিল ;
— ঘৰ শত্ৰু বিভীষণ …
