অস্তিত্বৰ জ্যোতি
শিল্পা প্ৰিয়ম কুণ্ডিণ্য
গুৱাহাটী,সাতগাঁও
নিস্তব্ধতাৰ বুকুত জ্বলি উঠে
অদৃশ্য এক শিখা,
সেই শিখাই মোৰ সপোন,
মোৰ জীৱনৰ দীপ্ত দিশা।
অন্ধকাৰৰ আঁৰত লুকাই থাকে…
সহস্ৰ পোহৰৰ বীজ,
হাৰ মানি থমকি নাথাকিলে
সেয়াই হৈ উঠে জীৱনৰ বীজ।
ধুমুহাৰ কোপত কঁপি উঠে দেহ,
কিন্তু মন নপৰে ভাঙি—
কাৰণ মোৰ অন্তৰত জাগে
অদম্য শক্তিৰ ৰঙ।
পতন মোৰ অন্ত নহয়,
ই এক নতুন আৰম্ভণি,
প্ৰতিটো অশ্ৰুতে গঢ়া হয়
ভৱিষ্যতৰ সুৱৰ্ণ কাহিনী।
সময়ৰ ঢৌত ভাহি নাথাকি,
মই সাঁতুৰি যাওঁ নিজ পথত,
সপোনৰ আকাশ জিকিবলৈ
লিখোঁ মই ভাগ্য নিজ হাতত।
যিজন নিজে নিজক জয় কৰে,
তেওঁহে জিকে বিশ্বখন,
অস্তিত্বৰ এই জ্যোতি লৈ
মই জ্বলিম অনন্তক্ষণ।
