মোৰ কমল মোৰ কবিতা
গকুল চৌধুৰী
হাকামা, ধুবুৰী
কিনো কম আজি মই মোৰ জীৱন যুদ্ধৰ কথা
জীৱনত যুঁজি যুঁজি সাহিত্য সাধনা কৰি থকা
মই নামৰ এজন অখ্যাত কবিৰ হৃদয়ৰ ব্যথা ৷
মোৰ জীৱনেই হ’ল মোৰ কবিতাৰ শিৰোনামা
যি কবিতা সীমাহীন দুখ , কষ্ট , যন্ত্ৰণাৰে ভৰা ৷
য’ত নাই সুখ , শান্তি আৰু আনন্দৰ সঁফুৰা
য’ত আছে কেৱল নিৰাশা, হতাশা, দুৰ্দশা, বিষাদ
আৰু বেদনাৰ লগতে আশা মৰহাৰ যাতনা ৷
মোৰ কবিতাই হ’ল মোৰ জীৱনৰ পৰিভাষা
যি জীৱন কবিতাৰ প্ৰতিটো ছন্দৰে সজোৱা
য’ত নাই প্ৰাপ্তি , আৰম্ভণি , থাকে মাথোঁ সমাপ্তি
য’ত আছে কেৱল পাই নপোৱাৰ বেজাৰ ,পাইও
হেৰুৱাৰ নিৰৱ যন্ত্ৰণা ,সপোন ভঙাৰ মৰ্মবেদনা ৷
সময় নাই আৰু এই জীৱনত জিৰণি লোৱাৰ
পুৱাৰ পৰা সন্ধিয়ালৈ সন্ধিয়াৰ পৰা পুৱালৈ
নিৰৱচিন্নভাবে যুদ্ধ কৰিছোঁ কিবাকৈ অন্নমুঠি
যোগাৰ কৰাৰ
সময় নাই আৰু এই জীৱনত জিৰণি লোৱাৰ
অবিৰতভাবে সংগ্ৰাম কৰিছোঁ জীৱনৰ বাটত
সফল হোৱাৰ
অৱকাশ নাই আৰু জীৱনত আকাশ চোৱাৰ ৷
নাই নাই পুনশ্চ নুসুধিব মোক পুনশ্চ নুসুধিব
বছৰৰ পাছত বছৰ প্ৰতিদিনে পিন্ধি পেলাই ধুই
ধুই মেলি শুকাই পিন্ধিবলৈ এটাই মাথোঁ চোলা ৷
এইদৰে বিন্দুৰ পৰা সিন্ধুলৈ
শুন্যৰ পৰা শিখৰলৈ
বিফলতাৰ পৰা সফলতালৈ
সফলতাৰ পৰা বিশ্ব জয়লৈ
সাহিত্য চৰ্চা কৰি কৰি মোৰ এই সংগ্ৰামী যাত্ৰা
মোৰ এই সংগ্ৰামী যাত্ৰাৰ বিশ্বাস আৰু ভৰষাৰ
একমাত্ৰ সংগী হ’ল মোৰ কলম মোৰ কবিতা ৷
