ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ আজীৱন সভ্য স্বীকৃতি প্ৰদান ৰামধেনু শতদল সাহিত্য সভাৰ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ আজীৱন সভ্যক আনুষ্ঠানিক ভাৱে স্বীকৃতিপত্ৰ প্ৰদান কৰে বঙালগাঁওত অনুষ্ঠিত ৰামধেনু শতদল শাখা সাহিত্য সভাই। এই উদ্দেশ্যে ডিব্ৰুগড়ৰ বঙালগাঁৱৰ ৰূপৰেখা গোটৰ মহিলা সকলেও আবেদনমৰ্মে অসম সাহিত্য সভাৰ আজীৱন সভ্য স্বীকৃতিপত্ৰ লাভ কৰে। বঙালগাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘ৰামধেনু শাখা সাহিত্য সভা’ৰ সভাপতি ভূষণজ্যোতি সন্দিকৈ, সম্পাদক অনিল প্ৰসাদ সিংহৰ উদ্যোগত আজীৱন সভ্য স্বীকৃতিপত্ৰ প্ৰদান কৰা হয়। স্বীকৃতি পত্ৰ লাভ কৰা ক্ৰমে – কবিতা বৈশ্য, ভাৰতী মেছ, মামণি গগৈ মেছ, বিজন্ত গগৈ, মৌচুমী চুতীয়া মেছ, মনিৰ উদ্দিন আহমেদ, ধৰ্মানন্দ কোঁৱৰ, মুকুট মেছ, দিলীপ সিং, কল্পকিশোৰ ওজা, অনিমা মেছ গগৈ, দিপালী ৰায়, পল্লৱী শইকীয়া ছেত্ৰী, বিতু বৰুৱা, খৰ্গেশ্বৰ গগৈ, টাজবীৰ সিংহ, দিজুল শইকীয়া, সোণেশ্বৰ দিহিঙ্গীয়া, কল্পনা শইকীয়া, ভবানী ভূঞা, আব্দুল খালেক, মেহজাবিন চুলতানা বেগম, বন্দনা ফুকন দাস, প্ৰাৰ্থনা গগৈ, ৰীতা গগৈ বৰা, জয়া গগৈ, জোনমনি দুৱৰা মেছ, বৰ্ণালী দত্ত গগৈ, জীত বাহাদূৰ দৰ্জী, লাকী দাৰবধৰাক বিতৰণ কৰা হয়। ৰামধেনু শতদল শাখা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক এম হাছিম আলীয়ে অসম সাহিত্য সভাৰ আজীৱন সভ্য স্বীকৃতি লাভ কৰে।আজিৰ সভাতে আন কেইবাগৰাকীয়ো অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ ফৰ্ম সংগ্ৰহ কৰে।ডিব্ৰুগড়ৰ ৰামধেনু শাখা সাহিত্য সভাৰ যোগেদি আৰু এখন নতুনকৈ শাখা সাহিত্য সভা গঠন কৰা হ’ব। আজিৰ সভাত ৰামধেনু শতদল শাখা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয় নিৰ্মান, ৰাজহুৱা শ্মশান নিৰ্মান, স্থানীয় খেলপথাৰৰ চৌপাশে পদপথ নিৰ্মান আদিৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক ভূমি আৰু আৰ্থিক অনুদান বিচাৰি আবেদন জনাবলৈ প্ৰস্তাৱ লোৱাৰ লগতে আগন্তুক ৫ জুনত ৰামধেনু শতদল সাহিত্য সভা আৰু ৰূপৰেখা মহিলা গোট আৰু বান্ধকৃষি পামৰ যৌথ উদ্যোগত “বিশ্ব পৰিবেশ দিৱস” পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে মটক কাউন্সিলৰ সদস্য দীপ জয় শইকীয়া , উপদেষ্টা দিলীপ কানু, উপ সভাপতি ৰত্নেশ্বৰ ফুকন , সহ সম্পাদক দিলীপ দত্ত , দীপক মেচ, ৰঞ্জিত মেচ , মহেশ তেলী আদি উপস্থিত থাকে।
