গড়চুকত ভয়ংকৰ পথ দুর্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ গড়চুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সংঘটিত হোৱা ভয়ংকৰ পথ দুর্ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে। এখন দ্রুতবেগী ট্রাকে পথৰ কাষত ৰৈ থকা এখন বাহনত প্রচণ্ড জোৰে খুন্দা মৰাত ট্রাকখনৰ চালকৰ ঘটনাস্থলীতেই মৃত্যু হয়। প্রত্যক্ষদর্শীৰ তথ্য অনুসৰি সংঘর্ষ ইমানেই ভয়ংকৰ আছিল যে ট্রাক খনৰ সন্মুখভাগ সম্পূর্ণৰূপে ক্ষতিগ্রস্ত হয়। ঘটনাৰ খবৰ পাই আৰক্ষীৰ এটা দল তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বর্তমানলৈকে নিহত চালকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে পৰিচয় উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
