১৭ আগষ্টৰ পৰা ৰাজ্যত লোকপিয়ল

Pc The Pioneer

১৭ আগষ্টৰ পৰা ৰাজ্যত লোকপিয়ল

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত আৰম্ভ হ’ব লোকপিয়লৰ কাম-কাজ । অহা ২ আগষ্টৰ পৰা ৰাজ্যজুৰি লোকপিয়লৰ প্ৰাথমিক কাম-কাজ আৰম্ভ হ’ব । দুটা প্রক্রিয়াত সম্পন্ন হ’বলগীয়া লোকপিয়লৰ বাবে ইতিমধ্যে ৰাজ্যিক লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰস্তুতি চূড়ান্ত কৰিছে। নিৰ্ধাৰিত সূচী অনুসৰি ২ আগষ্টৰ পৰা ১৬ আগষ্ট পর্যন্ত ৰাজ্যত প্ৰতিটো পৰিয়ালৰ বাবে নিৰ্ধাৰিত কৰা হৈছে স্বগণনাৰ এটি বিশেষ সময়সীমা। এই প্রক্রিয়াত ২ আগষ্টতে মুকলি কৰি দিয়া হ’ব এটা ম’বাইল প’র্টেল। য’ত জনসাধাৰণে নিজেই লগ-ইন কৰি পৰিয়ালৰ সদস্য সংখ্যা, শিক্ষা, জীৱিকা, ঘৰৰ পৰিৱেশ-পৰিস্থিতি আদিৰ তথ্য নিজেই দাখিল কৰিব পাৰিব। ইয়াৰ ১৫ দিন পাছত অৰ্থাৎ ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে জনসাধাৰণৰ ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব উক্ত তথ্যসমূহ। ১৫ ছেপ্টেম্বৰপৰ্যন্ত ঘৰে ঘৰে গৈ তথ্য পৰীক্ষা কৰাৰ বাবে ইতিমধ্যে ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিযুক্তি দিয়া হৈছে। গণনাকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ অহা ২৮ মে’ৰ পৰা আৰম্ভ হোৱাৰ কথা। বিভিন্ন জিলাত দুদিনীয়া আৰু তিনিদিনীয়া প্রশিক্ষণ সম্পন্ন কৰাৰ পাছত মাষ্টাৰ ট্রেইনাৰসকলক বিশেষ প্রশিক্ষণ দিয়া হ’ব। সম্পূর্ণ প্ৰক্ৰিয়াটো এইবাৰ ডিজিটেল পদ্ধতিৰে সম্পন্ন কৰাৰ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। লক্ষণীয়ভাৱে এই পর্যায়ত গৃহ তালিকা প্রণয়নত ৩৩টা নিৰ্ধাৰিত প্ৰশ্ন থাকিব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই প্রশ্নসমূহ প্ৰস্তুত কৰা হৈছে। য’ত ম’বাইল ফোন, লেপটপ, ইণ্টাৰনেটৰ পৰা চাইকেল-বাইক সম্পর্কীয় বিষয়সমূহো অন্তর্ভুক্ত কৰা হৈছে। মূলতঃ কিধৰণৰ খাদ্যশস্য ঘৰলৈ অনা হয় সেই বিষয়েও তথ্য সংগ্ৰহ কৰিব গণনাকাৰী বিষয়াসকলে। অকল সেয়াই নহয়, ইন্ধনৰ পৰা পানীৰ পৰ্যাপ্ত সুবিধা, ঘৰৰ নম্বৰ-অৱস্থা-মজিয়া মাটিৰ নে কংক্রিটৰ, শৌচাগাৰ, স্নানাগাৰ, নিষ্কাশন আদিও প্ৰশ্নৰ তালিকাত অন্তর্ভুক্ত হৈছে। কোন ঘৰত কিমানজন লোকে বসবাস কৰে, তেওঁলোকৰ লিংগ, বিবাহিত নে অবিবাহিত, সেয়াও গণনাকাৰী বিষয়াই জানিব বিচাৰিব। ইয়াৰ লগতে পৰিয়ালটোৰ মুৰব্বীজনৰ পৰা সংগ্ৰহ কৰিব তেওঁৰ ম’বাইল ফোনৰ নম্বৰ। অৱশ্যে ম’বাইল ফোনৰ নম্বৰ জনগণনা সংক্রান্তীয় কামৰ বাবেই লোৱা হ’ব বুলি কোৱা হৈছে। লক্ষণীয়ভাৱে এইবাৰ বাসগৃহসমূহৰ জিঅ’ টেগিং কৰাৰ লগতে প্ৰতিটো ঘৰত পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ’ব। এই প্রক্রিয়াটো সম্পন্ন হোৱাৰ পাছতে দ্বিতীয় পর্যায় আৰম্ভ হ’ব ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত। তেতিয়া জনসাধাৰণৰ আর্থ-সামাজিক অৱস্থা-সংস্কৃতিসহ বিভিন্ন তথ্য সংগ্ৰহ কৰা হ’ব। এইবাৰ লোকপিয়লৰ উপৰি সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি গৃহ পিয়লো অন্তর্ভুক্ত কৰা হৈছে। জাতিগত পিয়লৰ বাবে সম্প্রতি চলি আছে ম’ডেলিটী প্রস্তুতৰ কাম। এই পর্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষসহ ব্যক্তিগত তথ্যসমূহ আহৰণ কৰা হ’ব। উল্লেখ্য় যে ক’ভিড পৰিস্থিতিৰ বাবে ২০২১ চনত দেশত লোকপিয়ল অনুষ্ঠিত হোৱা নাছিল । এনে পৰিস্থিতিত পাঁচ বছৰ পলমকৈ অনুষ্ঠিত হ’বলগীয়া লোকপিয়ল যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । উল্লেখ্য যে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩.২৯ কোটি আছিল । সেই সময়ছোৱাত ৰাজ্যখনত মুছলমান জনসংখ্যাৰ হাৰ আছিল প্ৰায় ৩৪ শতাংশ । ইফালে, লোকপিয়লৰ সময়ত ব্যৱহাৰযোগ্য সামগ্ৰী সন্দৰ্ভতো বিশেষ নিৰ্দেশ জাৰি কৰা হৈছে । গণনাকাৰী বিষয়াসকলক নীলা বা ক’লা চিয়াহীৰ বলপেন ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে যাতে তথ্য সংগ্ৰহৰ ক্ষেত্ৰত একে ধৰণৰ মান বজাই ৰখা যায় । আনহাতে চৰকাৰী মহলৰ তৰফৰ পৰা জনসাধাৰণক লোকপিয়লৰ সময়ত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে যাতে সঠিক আৰু পূৰ্ণাংগ তথ্য সংগ্ৰহ নিশ্চিত কৰিব পৰা যায় । উল্লেখ্য যে ১৯৪৮ চনৰ লোকপিয়ল আইন আৰু ১৯৯০ চনৰ লোকপিয়ল নিয়মৰ অধীনত এই প্ৰক্ৰিয়া পৰিচালিত হয় । ২০১১ চনৰ পাছত এয়াই হৈছে দেশৰ আটাইতকৈ ডাঙৰ জনসংখ্যা গণনা প্ৰক্ৰিয়া ।