আইপিএলৰ প্লে’অফত ৰাজস্থান ৰয়েলছ

Pc Deccan Chronicle

আইপিএলৰ প্লে’অফত ৰাজস্থান ৰয়েলছ

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন হাইভ’ল্টেজ মেচত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ৩০ ৰানত পৰাস্ত কৰি প্লে’অফৰ চতুৰ্থ স্থান নিশ্চিত কৰিছে। ৰাজস্থানৰ এই চমকপ্রদ বিজয়ৰ লগে লগে পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ প্লে’অফৰ স্বপ্নও ভংগ হয়। এই দমনীয় প্রদর্শনেৰে এতিয়া আৰচিবি, গুজৰাট আৰু হায়দৰাবাদৰ পিছত চতুর্থ দল হিচাপে অন্তিম চাৰিত স্থান লাভ কৰে ৰাজস্থান ৰয়েলছে। টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ অহা ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০৫ ৰান কৰে। অ’পেনাৰ বৈভৱৰ বেটৰ পৰা ৰান নাহিলেও যশস্বী জয়ছোৱালে ১৭ বলত ৩টা ছয় আৰু এটা চাৰিৰে ২৭ৰানৰ বিস্ফোৰক আৰম্ভণি দিয়ে। ইয়াৰ পিছত ধ্ৰুৱ জুৰেলে ২৬ বলত ৩৮ ৰান কৰি ইনিংছটোক সুস্থিৰতা প্ৰদান কৰে। ৰিয়ান পৰাগে ৮ বলত ১৪ ৰান, ডাছুন সনাকাই ২৯ ৰান, ডোনোভান ফেৰেইৰাই ১৮ ৰান কৰি আউট হয়। কিন্তু শেষৰ ফালে জোফ্রা আর্চাৰে মাত্র ১৫ বলত ৩টা ছয়েৰে ৩২ ৰানৰ বিস্ফোৰক ইনিংছৰ লগতে অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজায়ো ১৯ ৰানৰ সহায়ত দলৰ স্ক’ৰ ২০০ৰ পাৰ হয়।  ইফালে, ২০৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি মুম্বাই ইণ্ডিয়ানছৰ আৰম্ভণি সুখকৰ নাছিল। জোফ্রা আর্চাৰে প্ৰথম অভাৰতে শূন্য ৰানত বিদায় দিয়ে ৰোহিত শৰ্মাক। সূর্যকুমাৰ যাদৱে ৪২ বলত ৬০ ৰান আৰু অধিনায়ক হার্দিক পাণ্ডিয়াই ১৫ বলত ৩৪ ৰানৰ এক আক্রমণাত্মক ইনিংছ খেলে যদিও দলটোৰ পৰাজয় ৰোধ কৰিব নোৱাৰিলে। ৰাজস্থানৰ হৈ জোফ্রা আর্চাৰে ৪ অভাৰত মাত্র ১৭ ৰান দি ৩টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি মেচৰ গতি সলাই দিয়ে। তদুপৰি ব্রিজেশ শৰ্মা আৰু নান্দ্ৰে বাৰ্গাৰে ২টাকৈ উইকেট লাভ কৰে। ৰাজস্থানৰ বিধ্বংসী বলিঙৰ ফলত মুম্বাই ইণ্ডিয়ানছ ২০ অভাৰত ৯ উইকেট হেৰুৱাই ১৭৫ ৰানতে থমকি ৰয়। ৰাজস্থানে ২৭মে’ত প্লে’অফত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব।