হুমুনিয়াহ – বনজিত দাস

Pc Shutterstock

হুমুনিয়াহ

বনজিত দাস
ৰিহাবাৰী, বজালী 

আকাশত আঁকিম বুলি
বুকুৰ জঠৰতাৰ বন্যতা
লিখিলো শূন্যতা
ওপঙি থকা টোকোৰা বাহ
ঘেঘেৰে আৱৰা দুখৰ সঁফুৰা ।

ৰ’দে পোৰা বালিৰ তৰালি
বালিত জিলিকা হাঁহি
ওচৰত গ’লেই
দেখাতো পাব এখন মৰিশালি
মোৰেতু নদী ।

ৰিক্ততাৰ পথাৰতো
দেখা অলেখ ভাবৰ বুৰবুৰণি
সৌন্দৰ্যৰ ইপাৰ সিপাৰ
উদং হুমুনিয়াহ খিনি

বুকুত অঁকা ছবি ।নীড়মুখী পখীৰ ঠোঁটত গুজি
অৱকাশৰ কলিজাটো
ক’ত দিম ৰৈ
পৃথিৱীৰ ব—–ক্ষ—–দি উৰি ।