অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত গৃহ কন্দলেই পৰাজয়ৰ মূল চালিকাশক্তি
বিউটী হাজৰিকা ,কলিয়াবৰ
ধূলিসাৰ! বিৰোধী
কাৰণ গৃহকন্দল! নীতি আদৰ্শ বিহীন!
ছ’চিয়েল মিডিয়াৰ বিধায়ক আৰু বাস্তৱিক বিধায়কৰ মাজত আকাশলংঘী দূৰত্ব আপুনি বা মই বুজি পাওঁ।
যিমান উচ্চ শিক্ষিত হ’লেও ৰাজনীতিত মৰিচিকা বিচাৰি ফুৰিব লাগিব। ৰাজনীতিৰ পথাৰত খেতি কৰিবলৈ ওলোৱাৰ আগতেই খেতি নিখুঁতকৈ চপোৱাৰ কথাও চিন্তা কৰিব লাগিব , সমস্যা সমস্যা বুলি চিঞৰি থকাতকৈ যোগ্য সমাধানৰ পথ নুবুলি অন্য প্ৰতিদ্বন্দীক সমালোচনাৰে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি থাকোঁতেই মূল্যবান সময় আৰু কথাৰ সদ্ব্যৱহাৰ কৰা লৈ মন নিদি কেৱল মাত্ৰ কেৱল ছ’চিয়েল মিডিয়াৰ দৰ্শকৰ সংখ্যাত নিজৰ জয় ধ্বজা উৰুৱাই থকাটো প্ৰকৃততে পৰাজয়ৰ হে সূত্ৰ ৰচনা কৰা। জনতাক কথাৰেও মুহিব পাৰি কিন্তু সেই কথাৰ প্ৰকৃত দৰ্পণ থাকিব লাগিব। আপুনি তৃণমূল পৰ্য্যায়ত কি কৰিছে? আপোনাৰ উপস্থিতি, আপোনাৰ পদক্ষেপ ,কি ভূমিকা লৈছে তাৰ ওপৰতো এজন প্ৰাৰ্থীৰ জয়ৰ ফলাফল নিশ্চিত হৈ থাকে।
বৰ্তমান প্ৰেক্ষাপটতত আকৌ পুনৰ “আয়া ৰাম গায়া ৰামৰ ৰাজনীতিৰ তাঁতবাটি”। জীৱনৰ আধা সময় এটা দলক দি অলপ ভুল বুজাবুজিৰ বাবে ই ক্ষমতা পোৱা নোপোৱাৰ লালসাত আন এটা দললৈ ঢপলিয়াই। নিজৰ দলটো অৰ্থাৎ নিজৰ ঘৰৰ পৰিৱেশটো বিনষ্ট কৰাৰ কাৰণ কি? নিজৰ মাটিত নিজে ভালকৈ খেতি নকৰিলে আনে তাকে দেখুওৱাই উন্নত মানদণ্ডৰে খেতি কৰিবলৈ চেষ্টা কৰিবই।
বৰ্তমানত ৰাজনৈতিক পৰিৱেশত সক্ৰিয় হৈ থাকিবলৈ হ’লে ছ’চিয়েল মিডিয়াৰ দৰ্শকৰ আগতেই আপুনি নিজেই নিজৰ ব্যক্তিত্ব আৰু আচৰণ সূক্ষ্ম ভাবে পানী নসৰকাকৈ নিজৰ বুদ্ধিমত্তাৰে কিছু নিৰ্দিষ্ট পৰিকল্পনাৰে নিজক সমাজত একক অনন্য বুলি প্ৰতিষ্ঠিত কৰিব পাৰিব লাগিব। নিৰ্বাচনৰ প্ৰাক মূহুৰ্তৰ পৰাই প্ৰস্তুতি তুংগত হ’ব লাগিব। আচৰণ আৰু অভ্যাসৰ সুনিৰ্দিষ্ট অভাৱ হ’লেই সকলো শেষ।
লগতে বৰ্তমানৰ যি সাম্প্ৰদায়িক,সংঘৰ্ষ বিভাজন, অৰুণোদয়, লাখপতি বাইদেউ,মামাৰ স্কুটি আদি বিষয়ক এৰাই চলি কেনেকৈ নিজ বাকপটুতা আৰু কৰ্ম দক্ষতাৰে নিজক জাকত জিলিকাই তুলিব লাগিব নিজৰ বুদ্ধিমত্তাৰে কেনেকৈ হিতাধিকাৰী সকলে কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰি মাহে দুগুণ আৰ্থিকভাৱে সক্ষম হ’ব পাৰে তাৰেহে পদক্ষেপ হাতত ল’ব লাগে। এনেধৰণৰ কথাৰে নিজক প্ৰতিষ্ঠিত কৰাত দেশৰ প্ৰধানমন্ত্ৰী গৰাকী একক । বিৰোধী শক্তিশালী হৈ উঠিবলৈ হ’লে দলটোৰ সকলোৰে মানসিক চিন্তা মিল হ’ব লাগিব আৰু মিত্ৰজোঁটৰ আশা বাদ দি নিজৰ দলৰ যোগ্যতাৰে বাট বুলিব লাগিব। প্ৰথমে তৃণমূল পৰ্য্যায়ত নিজেই সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব ভিডিঅ’ বা বিজাপৰ মাধ্যমেৰে নহয়। বাকী যি Gen-Z ৰ ধাৰণা সেই ধাৰণা ধাৰাবাহিক হ’ব লাগিব ৰাইজৰ চকুত আপুনি Gen-Z ৰ প্ৰতিনিধি বুলি কোৱাত কৈ আপুনি আগতেই ৰাইজৰ অতি কনিষ্ঠ নয়নৰ মনি আৰু আশাৰ প্ৰদীপ হ’ব লাগিব। কোনে কয় অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত শিক্ষিত ব্যক্তিৰ স্হান নাই বুলি। যদিহে প্ৰযোজ্য হোৱা পৰিকল্পনা আৰু আদৰ্শগত সমাধানৰ আস্থা ৰাইজক দিব পাৰে তেন্তে আপুনি নিৰ্বাচন প্ৰচাৰ কৰাৰ আগতে ৰাইজে কৰিব।
ৰাইজ পৰিবৰ্তনৰ পৰিৱেশত জীয়াই থাকিব। উদাহৰণ:-মমতা বেনাৰ্জী চৰকাৰৰ পতন আৰু ঐতিহাসিক ভাৱে ভাৰতীয় জনতা পাৰ্টীৰ জয় । নিৰ্বাচনৰ জয় ৰাজ্যৰ সমূহৰ কিছু মুখ্য কাৰণৰ লগত অন্তৰ্ভূক্ত হৈ থাকে।
বাকী সদৌ শেষত শক্তিশালী বিৰোধীৰ গণতান্ত্ৰিক দেশত কামনা কৰিলোঁ নিজৰ দলৰ নীতি সম্পৰ্কে পৰিৱেশ সৃষ্টি আৰু নিজৰ দলৰ গোপনীয়তা বৰ্তাই ৰাখি দল বাগৰা ৰাজনীতি বাদ দি। শাসনাধিষ্ট দলৰ আঁচনিত মনকাণ নিদি অত্যাধিক মানসিক চিন্তাৰে কেনেকৈ ইয়াতকৈ ভাল বিকল্প উদ্ভাৱন কৰি নিজৰ লক্ষ্যত ” কৰ্ণ, অৰ্জুন , একলব্য , দলৰ সাৰথি হিচাপে কৃষ্ণৰ চৰিত্ৰ” ও নিজৰ দলৰ প্ৰত্যেকেই পালন কৰিব লাগিব। ” মন্ত্ৰী,এমএলএ পাপৰ হে মাত্ৰ” বুলি তুলনা কৰি গোৱা গোটেই গানটোৰ সঁচা তাৎপৰ্য জুবিন গাৰ্গ কেন্দ্ৰিক ৰাজনীতি কৰাৰ প্ৰতিজন বিধায়ক পদৰ প্ৰাৰ্থীৰ আচৰণ আৰু নিৰ্বাচনত লোৱা পদক্ষেপত সঁচা অৰ্থত বুজিলো খচখচ্ শব্দত পৰাজয়ৰ উমান তেতিয়াই পালোঁ।
