দুখ
পৰিস্মীতা বৰা
ধোৱাছলা গড়, মাজুলী
দুখ যেন এখনি সাগৰ
সাগৰৰ বুকুৰে বাগৰে ,
কেৱল বিষাদৰ চকুলো আৰু চকুলো । ।
দুখ বোৰ যেন নাইকিয়া নহয়
কেৱল শেষ হয় সুখৰ বাট ।
সুখৰ বাটত ভাহি ভাহি
ইমানে ভাগৰি পৰিছো মই ,
কেৱল পাইছো দুখৰ সাগৰ ।।
নালাগে অ’ সুখ নাহিবি মোৰ কাষৰলে
এদিন সুখ দি আকৌ বিষাদৰ চকুলো দিবলে ।
বুকুত হাজাৰ হাজাৰ দুখ সাৱটি
আজি দেখোন সুখবোৰ চিনি নাপাওঁ ।।
আজি জীৱন জীয়াবলৈ দেখোন
দুখবোৰহে মোৰ ভাল লাগে ,
ভাল লাগে বিষাদ আৰু চকুলো ।
দুখৰ মাজতো যেন বিচাৰি পাও
জীয়াই থকাৰ এটি প্ৰেৰণা মাথোন। ।
