চকুপানী ব’হাগৰ
ধৰণী চেতিয়া, ধেমাজি
‘ব’হাগ’ _
কোন বিহগীয়ে দিলে তোক
বিৰহীহিনিৰ বিৰহৰ বতৰা!
কাৰ বাৰীত ফুলি
মৰহিল কপৌ….
কোনে কাৰ অপেক্ষাত এটি চুমাৰ
কৰি হিয়া হাহাকাৰ
কাৰ গাত নবলিল ব’হাগ!
আন্ধাৰত ৰামধনৰ বেদনাত
লাহৰীয়ে ব’হাগৰ টোকে চকুপানী!
এটা গান গুণ-গুণায় গুণ-গুণায়
মোৰ হিয়া নিচুকায় যোৱা
অ’ প্ৰেমিকা চৰাই….
শান্তিৰ চৰাইজনি আহিবনে পুনৰ
মৰম আকুলতা, চেনেহ বাৰতা লৈ
সমীৰৰ গাতে-গা লগাই
বসন্তৰ এটি গান হৈ
মিলন বতৰা লৈ
চুমা একণি হৈ….
