জেতুকা পাতৰ পৰম্পৰা আৰু ঔষধি গুণ
জ্যোতিমণি মাহত্ব, যোৰহাট
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ,
স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী, গণিত বিভাগ
প্ৰকৃতিৰ চিৰন্তন আৱৰ্তনত বসন্তৰাগৰ মূৰ্ছনাই যেতিয়া ধৰিত্ৰীৰ বুকুলৈ নবীনতাৰ বাতৰি কঢ়িয়াই আনে তেতিয়াই অসমীয়া জাতীয় জীৱনৰ বাপতি সাহোন ৰঙালী বিহু উদযাপিত হয়। বিশ্বপ্ৰকৃতিৰ এই ঋতু-পৰিৱৰ্তন কেৱল এক প্ৰাকৃতিক পৰিঘটনা নহয়, বৰঞ্চ ই অসমীয়া লোক-মানসৰ সাংস্কৃতিক বিৱৰ্তনৰ এক সজীৱ দস্তাবেজ। অতীজৰে পৰা চলি অহা এই পৰম্পৰাই আমাৰ সমাজৰ সমন্বয়ৰ সেঁতু গঢ়াৰ লগতে লোক-বিশ্বাস, বিজ্ঞানসন্মত ঔষধি গুণ আৰু প্ৰকৃতি-নিৰ্ভৰশীল জীৱনশৈলীক একেডাল সাকোঁৰে বান্ধি ৰাখিছে। বৰ্তমানৰ গোলকীকৰণৰ প্ৰত্যাহ্বানৰ মাজতো জেতুকাৰ এই প্ৰাচীন ঐতিহ্যই আমাৰ জাতীয় স্বাভিমানক কিদৰে সমৃদ্ধ কৰি ৰাখিছে।
প্ৰকৃতিৰ অপৰূপ সৃষ্টিৰ সমন্বয়ত গঢ়ি উঠা ৰঙালী বিহু অসমীয়া জাতিৰ প্ৰাণস্পন্দন। প্ৰকৃতিৰ পৰিৱৰ্তনৰ লগে লগে ঋতুৰাজ বসন্তৰ আগমণত কুলিৰ কেতেকীৰ মাতৰ লগতে কপৌ,তগৰ নাহৰ ফুলৰ সুবাসে যেতিয়া অসমীয়াৰ মন-প্ৰাণ আচ্ছন্ন কৰে, তেতিয়াই আৰম্ভ হয় হেঁপাহৰ বিহুটি। এই বিহুৰ সৈতে জড়িত হৈ আছে আমাৰ স্বকীয় লোক-সংস্কৃতিৰ কেতবোৰ অনুপম পৰম্পৰা, যাৰ ভিতৰত ‘জেতুকা পাতৰ পৰম্পৰা’ অন্যতম। জেতুকা কেৱল এক উদ্ভিদ নহয়, ই হ’ল অসমীয়া গাভৰুৰ হাতৰ তলুৱাত বিৰিঙি উঠা বসন্তৰ ৰঙা চানেকি। এই পৰম্পৰাই আমাৰ সামাজিক জীৱনত সৌন্দৰ্য চৰ্চাৰ লগতে প্ৰাকৃতিক বৈভৱ আৰু বিজ্ঞানসন্মত চিন্তাধাৰাকো প্ৰতিফলিত কৰি আহিছে। বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত এই লোক-পৰম্পৰাৰ গুৰুত্ব আৰু ইয়াৰ ঐতিহ্যক বিচাৰ কৰি চোৱাটো অতি প্ৰাসংগিক হৈ পৰিছে।
জেতুকা এবিধ জোপোহা জাতীয় ঔষধি উদ্ভিদ । অসমীয়া সংস্কৃতিত বিশেষকৈ ৰঙালী বিহুৰ সময়ত দুহাতত জেতুকাৰ ৰং বোলোৱাটো অতীজৰে পৰা চলি অহা এক পৰম্পৰা। জেতুকা পাতৰ কেইবাবিধো ঔষধি গুণ আছে। গ্ৰাম্য জীৱনৰ পৰা আৰম্ভ কৰি উৎসৱ – পাৰ্বনলৈ জেতুকাৰ ব্যৱহাৰ অতিশয় গুৰুত্বপূৰ্ণ। আমাৰ ভাৰতবৰ্ষতো কেইবা শ বছৰ ধৰি জেতুকা ব্যৱহৃত হৈ আহিছে।নিজৰ হাতখন ধুনীয়া কৰিবলৈ অসমৰ জনসাধাৰণে জেতুকাৰ ৰঙেৰে বিভিন্ন ধৰণৰ নমুনা আঁকি লয়। বিশেষকৈ ৰঙালী বিহুৰ সময়ত জেতুকা পাতৰ প্ৰয়োগে অসমীয়া সৌন্দৰ্য আৰু পৰম্পৰাক উজ্জ্বল কৰি তোলে। ৰঙালী বিহুত সকলো অসমীয়াই জেতুকাৰ ৰঙেৰে হাত বোলাই ৰঙীন কৰে , ই কেৱল সৌন্দৰ্য বৃদ্ধি নহয় ই আনন্দ , প্ৰেম আৰু নৱ জীৱনৰ প্ৰতীক হিচাপে বিবেচিত হয়। বিশ্বাস কৰা হয় জেতুকাৰ ৰং হাতত যিমানেই গাঢ় হয় সিমানেই গভীৰ হয় হেনো আশা। লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা জেতুকা লগালে ছালৰ বেমাৰৰ পৰা ৰক্ষা পোৱা যায়। জেতুকা বোলোৱা হাত বিহু নাচ – গীতত বিশেষ আকৰ্ষণ সৃষ্টি কৰে। ৰঙীন মেখেলা -চাদৰৰ সৈতে জেতুকা বোলোৱা হাতখনিৰে অসমীয়া নাৰীৰ ৰূপ অধিক উজ্বল কৰি তোলে ।এই পৰম্পৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰৱাহিত হৈ আছে আৰু সদায় থাকিব। জেতুকা পাতৰ ঔষধি গুণো কম নহয় ইয়াৰ পাতত প্ৰাকৃতিক পচন নিবাৰক আৰু ভেঁকুৰনাশক গুণ থাকে। ছালৰ বিভিন্ন খজুৱতি বা চৰ্মৰোগ নিৰাময়ৰ বাবে জেতুকা পাতৰ ৰস অতি ফলপ্ৰসূ। ই ছালৰ মৃত কোষ আঁতৰাই ছালখন সজীৱ কৰি ৰাখে। তাৰোপৰি জেতুকাই শৰীৰৰ অতিৰিক্ত তাপ শোষণ কৰি শৰীৰ শীতল কৰি ৰাখে আৰু নখচুকীয়া নাকৰ এৱা ভঙা আদিত জেতুকা ব্যৱহাৰ কৰা হয়। চুলিৰ যত্নৰ বাবে জেতুকাৰ ৰস নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে অকালতে চুলি পকা উফিৰ সমস্যা হ্ৰাস পায় বুলি কোৱা হয়।
ৰঙালী বিহু আৰু জেতুকা পাতৰ পৰম্পৰা কেৱল এক বাহ্যিক প্ৰসাধন নহয়, ই অসমীয়া লোক-সংস্কৃতিৰ এক এৰাব নোৱাৰা অধ্যায়। বিহুৰ বতৰত হাতৰ তলুৱাত জেতুকাৰ ৰঙা বোল সানি ডেকা-গাভৰুৱে বসন্তৰ আগমণক যিদৰে আদৰণি জনায়, সি আমাৰ স্বকীয়তা আৰু প্ৰকৃতিৰ সৈতে থকা নিবিড় সম্পৰ্ককহে প্ৰতিফলিত কৰে। আধুনিকতাৰ ধামখুমীয়াত মেহেন্দী বা আন কৃত্ৰিম সামগ্ৰীয়ে বজাৰ দখল কৰিলেও, বিহুৰ পথাৰত আজিও আমাৰ থলুৱা জেতুকা পাতৰ গোন্ধ আৰু ইয়াৰ ঔষধি গুণৰ গুৰুত্ব অটুট আছে আৰু আশাকৰোঁ ভৱিষ্যত প্ৰজন্ময়ো ইয়াক জীয়াই ৰাখিব। এইসমূহ কেৱল উৎসৱৰ আনন্দৰ বাবেই নহয়, বৰঞ্চ আমাৰ জাতীয় পৰিচয় আৰু পূৰ্বপুৰুষে দি থৈ যোৱা জ্ঞানৰ ভাণ্ডাৰক জীয়াই ৰখাৰ এক মাধ্যম। সেয়েহে, পৰিৱৰ্তনৰ সোঁতত নিজৰ শিপাডাল হেৰুৱাই নেপেলায় জেতুকাৰ দৰে চহকী পৰম্পৰাবোৰক নতুন প্ৰজন্মৰ মাজত সজাগতাৰে প্ৰসাৰ কৰাটো আমাৰ সকলোৰে দায়িত্ব।
