জৱাহৰলাল নেহৰুক অতিক্ৰম কৰি অভিলেখ ৰচিলে প্ৰধানমন্ত্ৰী মোদীয়ে

জৱাহৰলাল নেহৰুক অতিক্ৰম কৰি অভিলেখ ৰচিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ গণতান্ত্রিক ইতিহাসত আজি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল দেশবাসী।  স্বাধীন ভাৰতৰ ইতিহাসত এক নতুন অধ্যায় ৰচনা কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সোণালী পৃষ্ঠাত নিজৰ নাম স্বর্ণিল আখৰেৰে লিপিবদ্ধ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আটাইতকৈ দীর্ঘকালীন নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আজি অর্থাৎ ১০ জুনত কাৰ্যকালৰ একেৰাহে ৪,৩৯৯ দিন সম্পূৰ্ণ কৰাৰ লগে লগে নৰেন্দ্ৰ দামোদৰ দাস মোদীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৪,৩৯৮ দিনীয়া শাসনৰ অভিলেখ ভংগ কৰি শীর্ষস্থানত অধিষ্ঠিত হ’ব। দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী ৰূপে একেৰাহে ১২ বছৰ সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীলে বিজেপি অসম প্ৰদেশৰ পৰিয়ালৰ তৰফৰ পৰা সভাপতি দিলীপ শইকীয়াই হৃদয়পূর্বক অভিনন্দন জ্ঞাপন কৰিছে।  প্রধানমন্ত্রী মোদীৰ এই সুদীর্ঘ ৰাজনৈতিক সফলতাৰ মূলমন্ত্ৰ হৈছে ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা প্রয়াস’। বিগত ১২ বছৰত মোদী চৰকাৰে ৰূপায়ণ কৰা সমাজ কল্যাণমূলক আঁচনিসমূহে দেশৰ দৰিদ্ৰ আৰু প্ৰান্তীয় শ্ৰেণীৰ জীৱন ধাৰণৰ শৈলী সম্পূৰ্ণ সলনি কৰিছে। প্ৰধানমন্ত্ৰীৰ ধন-জন যোজনাৰ জৰিয়তে কোটি কোটি দৰিদ্ৰ লোকক বেংক ব্যৱস্থাৰ সৈতে সংযোজিত কৰি চৰকাৰী সাহায্যত পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰণ কৰাৰ ফলত পূৰ্বৰ চৰকাৰসমূহৰ দিনত থকা মধ্যভোগীৰ দুৰ্নীতিৰ প্ৰাচীৰ সম্পূৰ্ণ খহি পৰিল। আয়ুষ্মান ভাৰতৰ দৰে বিশ্বৰ বৃহত্তম বিনামূলীয়া স্বাস্থ্য বীমা, প্রধানমন্ত্রী আৱাস যোজনাৰ পকীঘৰ, উজ্জ্বলা যোজনাৰ বিনামূলীয়া গেছ সংযোগ আৰু ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰা জলজীৱন মিছনে দেশৰ কোটি কোটি জনসাধাৰণৰ মনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রতি এক দৃঢ় বিশ্বাসৰ সৃষ্টি কৰিছে। মোদী কেৱল এজন শাসক হৈ থকা নাই। তেওঁ প্রতিটো দৰিদ্ৰ পৰিয়ালৰ এজন অভিভাৱক হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। প্রধানমন্ত্রী মোদীৰ ১২ বছৰীয়া কাৰ্যকালত ভাৰতে বিশ্বমানৰ আন্তঃগাঁথনি লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ নতুন সংসদ ভৱন, চেন্ট্রেল ভিষ্টা, বন্দে ভাৰত আৰু নমো ভাৰতৰ দৰে ৰে’ল প্রকল্প, উন্নতমানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক আৰু আধুনিক বিমানবন্দৰসমূহে ভাৰতৰ যোগাযোগ ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তদুপৰি ডিজিটেল ইণ্ডিয়া বিপ্লৱ আৰু ইউপিআই ব্যৱস্থাই সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছিল। শিক্ষা আৰু স্বাস্থ্যখণ্ডত এক বৃহৎ জাঁপ মাৰি ২০১৪ চনৰ পৰা ২০২৬ চনৰ ভিতৰত দেশত আইআইটিৰ সংখ্যা ১৬ৰ পৰা ২৩খনলৈ, আইআইএমৰ সংখ্যা ১৩ৰ পৰা ২১খনলৈ আৰু এইমছৰ সংখ্যা ৭-২৩খনলৈ বৃদ্ধি পাইছে। যিয়ে এখন নতুন আৰু আধুনিক ভাৰতৰ ভেটি প্রস্তুত কৰিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতৰ বৈদেশিক নীতিয়ে বিশ্ব মঞ্চত গুৰুত্ব লাভকৰিছে। বিশ্বৰ ভূ-ৰাজনৈতিক সংকটৰ সময়ত ভাৰতে কোনো শক্তিশালী ৰাষ্ট্ৰৰ ওচৰত মূৰ দোৱাবলগীয়া হোৱা নাই। বৰঞ্চ নিজৰ ৰাষ্ট্ৰীয় স্বার্থক প্রথম অগ্রাধিকাৰ দিছে। প্রধানমন্ত্রী মোদীৰ বলিষ্ঠ কূটনীতিৰ বাবেই আজি ভাৰত উন্নয়নশীল বিশ্বৰ এক শক্তিশালী কণ্ঠস্বৰ হৈ পৰিছে। বিশ্ব মঞ্চত তেওঁৰ এই অনন্য নেতৃত্বৰ স্বীকৃতিস্বৰূপে মোদীয়ে বৰ্তমানলৈকে বিশ্বৰ বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা ২৯টাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘লিজিয়ন অৱ মেৰিট’, ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য লিজিয়ন অৱ অ’নাৰ’, ৰাছিয়াৰ ‘অৰ্ডাৰ অৱ ছেইন্ট এন্দ্রিউ’ আৰু ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, ইজিপ্ত, ভুটান, পাপুৱা নিউগিনি আদি অর্ধশতাধিক গোলকীয় মঞ্চ তথা সর্বোচ্চ ৰাষ্ট্ৰীয় সন্মানেৰে তেওঁক অলংকৃত কৰা হৈছে। শেহতীয়াকৈ আমেৰিকাৰ বিখ্যাত তথ্য বিশ্লেষক প্রতিষ্ঠান মর্নিং কনছাল্টৰ ২০২৬ বৰ্ষৰ গোলকীয় সমীক্ষাতো ৬৮ শতাংশ অনুমোদনেৰে নৰেন্দ্ৰ মোদী সমগ্ৰ বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে শীর্ষস্থানত অধিষ্ঠিত হোৱাটোৱে প্ৰমাণ কৰে যে তেওঁ কেৱল ভাৰতৰ নহয়, বৰ্তমান বিশ্বৰো এজন অন্যতম প্রভাৱশালী পথ প্রদর্শক। এই শুভক্ষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক দেশৰ আগশাৰীৰ ৰাজনীতিকৰ লগতে বিশ্বৰ নেতাসকলেও শুভেচ্ছা জনাইছে।