বিচাৰ প্ৰক্ৰিয়াৰ দ্বিতীয়টো দিনা ৫ সাক্ষীয়ে সাক্ষ্য দিলে আদালতত

Pc Mahabahu.com

বিচাৰ প্ৰক্ৰিয়াৰ দ্বিতীয়টো দিনা ৫ সাক্ষীয়ে সাক্ষ্য দিলে আদালতত

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ মঙলবাৰে দ্বিতীয়টো দিন আছিল । ২৬ মে’ত চাৰ্জফ্ৰেম দাখিল কৰাৰ পাছতেই ফাষ্টট্ৰেক আদালতত ৮ জুনৰ পৰা আৰম্ভ হোৱা বিচাৰ প্ৰক্ৰিয়াৰ দ্বিতীয়টো দিনত গোচৰটোৰ সৈতে জড়িত ৫গৰাকী সাক্ষীক সাক্ষ্য প্ৰদানৰ বাবে আদালতে চমন জাৰি কৰিছিল যদিও দুজন সাক্ষীৰহে সাক্ষ্য আদালতে গ্ৰহণ কৰে। এই সন্দৰ্ভত চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে আজি কয় যে সাক্ষীসকলে সুন্দৰকৈ আদালতক সমগ্র বিষয় অৱগত কৰিলে। সাক্ষ্য প্রদানৰ বাবে প্লাৱিতা বৰকাকতি, বেবী বৰা, বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ আৰু শ্বাহিন শ্বাহ হকক আদালতে চমন জাৰি কৰিছিল। সেইমৰ্মে ৫গৰাকী সাক্ষীয়ে আদালতত উপস্থিত হয় যদিও মাত্র দুগৰাকী সাক্ষী ক্ৰমে প্লাৱিতা বৰকাকতি আৰু বিশ্বজিৎ দাসৰ সাক্ষ্য আদালতে গ্ৰহণ কৰে। জুবিন গাৰ্গৰ হৈ ওকালতি কৰা অধিবক্তা প্রদীপ্ত তালুকদাৰে সদৰী কৰা মতে, বুধবাৰে বেবী বৰা, বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন আৰু ৰাজা অসমক সাক্ষ্য প্রদানৰ বাবে আদালতৰ পৰা চমন জাৰি কৰা হৈছে। অৱশ্যে মঙলবাৰে সাক্ষ্য প্রদানৰ বাবে মতা শ্বাহিন শ্বাহ হক, মহেশ্বৰ হালৈক পৰৱৰ্তী সময়ত আদালতে সাক্ষ্য প্রদানৰ বাবে পুনৰ চমন জাৰি কৰিব বুলি সদৰী কৰিছে। ইপিনে আদালতত সাক্ষ্য প্রদান কৰা সাক্ষীক বিপথে নিবলৈ হেঁচা প্রয়োগৰ অভিযোগ উত্থাপন হৈছে প্রতিপক্ষৰ অধিবক্তাৰ বিৰুদ্ধে। আদালতত সাক্ষ্য প্রদানৰ অন্তত এই অভিযোগ উত্থাপন কৰি যোৰহাটৰ জাঁজীৰ পৰা অহা প্লাবিতা বৰকাকতিয়ে কয় যে সাক্ষ্যখিনি বিপথে নিবলৈ তেওঁলোকে যথেষ্ট হেঁচা প্রয়োগ কৰিছিল। বহু কথাই বিপক্ষৰ অধিবক্তাই সুধিছিল। তেওঁলোকৰ প্ৰতিটো প্ৰশ্নৰ সঠিক উত্তৰ মই দিছোঁ। তেওঁ কয় যে জুবিন গাৰ্গ অসমৰ হার্টথ্র’ব। অসমীয়া জাতিৰ ৰাজহাড় বুলি ক’লেও ভুল নহয়। তেওঁক অৱহেলিত কৰি ছিংগাপুৰত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে ষড়যন্ত্ৰ কৰি পৰিকল্পিতভাৱে মৃত্যুমুখত পেলালে। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পাছৰে পৰা অসমৰ কোনো ৰাইজে শান্তিত থাকিব পৰা নাই। আদবয়সতে শিল্পীগৰাকীৰ অকাল বিয়োগ এতিয়াও অসমৰ মানুহে বিশ্বাস কৰা নাই। গতিকে অসমৰ ৰাইজৰ দায়িত্ব আছে তেওঁক ন্যায় দিবলৈ। উল্লেখ্য যে জাঁজীৰ প্ৰগতিশীল নাৰী সংঘৰ হৈ প্লাৱিতা বৰকাকতিয়ে প্ৰাণৰ শিল্পীৰ হত্যাৰ পাছতে এজাহাৰ দাখিল কৰিছিল। আজি বিচাৰ প্ৰক্ৰিয়াটোৰ অংশ হ’বলৈ পাই নিজকে বহু ধন্য বুলি উল্লেখ কৰি প্রয়োজনত পুনৰ আদালতে তেওঁৰ ভাষ্য বিচাৰিলে আদালতক সহযোগ কৰিব বুলি মন্তব্য কৰে।  আনহাতে ফাষ্টট্রেক আদালতত প্ৰাণৰ শিল্পীৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ সমান্তৰালকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি সম্পন্ন হয়। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে এই শুনানি গ্রহণ কৰে। চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে সদৰী কৰা মতে, আদালতত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনক লৈ চৰকাৰী পক্ষ আৰু বিপৰীত পক্ষৰ মাজত যথেষ্ট যুক্তি-তর্ক হয়। আদালতে সকলো যুক্তি-তর্ক শুনাৰ পাছত সম্পূৰ্ণ শুনানিৰ বাবে ল’ৱাৰ ক’ৰ্টত ৰেকৰ্ড আৰু কেছ ডায়েৰীৰ প্ৰয়োজন হ’ব বুলি কয়। অহা ১৯ জুনত আদালতে পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে।