দুখ – পৰিস্মীতা বৰা

Pc Vecteezy

দুখ

পৰিস্মীতা বৰা
ধোৱাছলা গড়,  মাজুলী

দুখ  যেন  এখনি  সাগৰ
সাগৰৰ বুকুৰে বাগৰে  ,
কেৱল বিষাদৰ চকুলো আৰু চকুলো  । ।
দুখ বোৰ যেন নাইকিয়া নহয়
কেৱল  শেষ  হয়  সুখৰ  বাট   ।
সুখৰ বাটত ভাহি ভাহি
ইমানে ভাগৰি পৰিছো মই   ,
কেৱল পাইছো দুখৰ সাগৰ   ।।
নালাগে অ’ সুখ নাহিবি মোৰ কাষৰলে
এদিন সুখ দি আকৌ বিষাদৰ চকুলো দিবলে  ।
বুকুত হাজাৰ হাজাৰ দুখ সাৱটি
আজি দেখোন সুখবোৰ চিনি নাপাওঁ  ।।
আজি জীৱন জীয়াবলৈ দেখোন
দুখবোৰহে মোৰ ভাল লাগে  ,
ভাল লাগে বিষাদ আৰু চকুলো ।
দুখৰ মাজতো যেন বিচাৰি পাও
জীয়াই থকাৰ এটি প্ৰেৰণা মাথোন। ।