ভেকুলী
বনজিত দাস
ৰিহাবাৰী , বজালী
সিহঁত উভচৰ প্ৰাণী
মানৱ দৰদী উভচৰ প্ৰাণী
মানৱতাৰ নামত অলেখ জয়গান
তেওঁলোকে ক’ব পাৰে ভাষন দিব জানে
মুখত ফুলজাৰি আখৈ ফুটা
সাপৰ চাল সলাদি সলাব পাৰে চোলা
মুখৰ ওপৰত আন এখন মুখা
সিহঁত উভচৰ প্ৰাণী
নাৰী সৱলীকৰণ মুক্তিৰ কথা কয়
মুখত অমৃত বৰষে
বাৰে বাৰে লাঞ্ছিত নগ্ন হয় নাৰী
সিহঁত সবাতোকৈ প্ৰকৃতি প্ৰেমী
নিশেষ কৰিব পাৰে
পাহাৰ আৰু মাটি
কাটি পেলায় গছবোৰ
সিহঁতে যে খুটিব পাৰে জাৰিব জানে
দোষীয়ে পায় মুক্তি
ন্যা
বহুত দূৰত
সিহঁত উভচৰ প্ৰাণী
বামটো থাকে পানীটো থাকে
উভচৰ প্ৰাণী ।
