গুৱাহাটীত একেদিনাই ৩টা মৃতদেহ উদ্ধাৰ

Pc SciTechDaily

গুৱাহাটীত একেদিনাই ৩টা মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ ৰাজধানী গুৱাহাটীত সৃষ্টি হোৱা কৃত্রিম বানৰ কবলৰ পৰা মহানগৰবাসী তৃতীয় দিনাও সম্পূর্ণ মুক্ত হোৱা নাই। মহানগৰীৰ বিভিন্ন স্থান আজিও জলমগ্ন হৈয়ে আছে। উল্লেখ্য যে দেওবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্রিম বানৰ পিছত মঙলবাৰে মহানগৰীৰ কেইবাটাও স্থানত মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্ৰিয়াৰ। মঙলবাৰে বশিষ্ঠ নৈ, মৰা ভৰলু নৈ আৰু লাচিত গড় এলেকাৰ পুখুৰীত তিনিটা মৃতদেহ উদ্ধাৰ হৈছে। ইয়াৰে দুজন লোকক চিনাক্ত কৰা হৈছে যদিও  এজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। এই ঘটনা সন্দৰ্ভত মহানগৰীৰ উপ-আৰক্ষী আযুক্ত (পশ্চিম) বলিন দেউৰীয়ে কয় যে  বশিষ্ঠ, মৰা ভৰলু আৰু লাচিত গড়ৰ সমীপৰ এটা পুখুৰীত তিনিটাকে মৃতদেহ উদ্ধাৰ হৈছে। বশিষ্ঠ, মৰা ভৰলু, ভৰলুত উদ্ধাৰ হোৱা লোক দুজন চিনাক্ত হৈছে যদিও লাচিতগড়ৰ জন চিনাক্ত হোৱা নাই। মাধুর্য ৰাভা নামৰ লোকজনৰ পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহটো। নলা এটাৰ লগত পুখুৰীটো সংলগ্ন হৈ আছে। বানত নলাটোৰে পুখুৰীলে মৃতদেহ উটি অহাৰ সন্দেহ কৰা হৈছে। দেওবাৰে হোৱা কৃত্রিম বানত উটি লোক কেইজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে, বশিষ্ঠ নৈত বিশেষভাৱে সক্ষম ২৮ বছৰীয়া যুৱক আখটাৰ আলীৰ মৃতদেহ উদ্ধাৰ হৈছে। ১৯ এপ্রিল দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল হাতীগাঁও নটবমাৰ পৰা আখটাৰ আলী। যুৱকজন নিৰুদ্দেশ হৈ থকা বুলি হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। আনহাতে, জ্যোতিকুছিৰ মৰা ভৰলুত উদ্ধাৰ হৈছে আনটো মৃতদেহ। মৃত লোকজন মহানগৰীৰ দাতালপাৰাৰ অসীম কলিতা বুলি চিনাক্ত কৰা হৈছে। ১৯ এপ্ৰিলৰ পুৱাৰ ভাগতে ঘৰৰ পৰা ওলাই আহিছিল যদিও তাৰ পিছৰ পৰাই ঘৰলৈ উভতা নাছিল যুৱকজন। যুৱকজনৰ মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক। কেনেকৈ যুৱকজনৰ মৃত্যু হ’ল সেই সন্দর্ভত বর্তমানেও কোনো তথ্য পোহৰলৈ অহা নাই। স্বাভাৱিকতে এইদৰে কৃত্রিম বানত পৰি এজনৰ পিছত এজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰাজধানী মহানগৰী গুৱাহাটীত তীব্র প্রতিক্রিয়াৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে দেওবাৰৰ কৃত্রিম বানৰ পিছত পুৱতি নিশা মালিগাঁৱত এগৰাকী যুৱতী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰ ফলত দেওবাৰৰ কৃত্রিম বানত পৰি গুৱাহাটীত মৃত্যুক সাবটি লোৱা লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পায়।