ৰাজ্যপাল আচাৰ্য ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক নামনি মাজুলীৰ চুম্পী বৰাক মিলিত কৃষ্টি সংঘৰ সম্বৰ্ধনা

ৰাজ্যপাল আচাৰ্য ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক নামনি মাজুলীৰ চুম্পী বৰাক মিলিত কৃষ্টি সংঘৰ সম্বৰ্ধনা

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- নামনি মাজুলীৰ বালিচাপৰিৰ মিলিত কৃষ্টি সংঘৰ নিয়মীয়া শিল্পী,মেধাৱী ছাত্ৰী তথা চলিত বৰ্ষত ৰাজ্যপাল পি বি আচাৰ্য ৰাষ্ট্ৰীয় গৱেষণা পুৰস্কাৰ প্ৰাপক চুম্পী বৰাক আজি মিলিত কৃষ্টি সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত বৰ্তমান পি এইচ ডি ‘ ৰ বাবে গৱেষণা কৰি থকা চুম্পী বৰাই উত্তৰ পূৰ্বাঞ্চলৰ গৱেষকসকলৰ প্ৰেৰণাৰ বাবে ত্ৰিপুৰাৰ ভূতপূৰ্ব ৰাজ্যপাল পি বি আচাৰ্যৰ নামত প্ৰৱৰ্তন কৰা ” ৰাজ্যপাল আচাৰ্য ৰাষ্ট্ৰীয় গৱেষণা পুৰস্কাৰ -২০২৫-২০২৬” লাভ কৰিছে।  মিলিত কৃষ্টি সংঘৰ নিয়মীয়া শিল্পী চুম্পী বৰাই উক্ত ৰাষ্ট্ৰীয় সন্মান লাভ কৰাত আজি সংঘৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়। আজি দুপৰীয়া চুম্পী বৰাৰ বালিচাপৰিৰ নিজা বাসভৱনত মেধাৱী ছাত্ৰীগৰাকীক মিলিত কৃষ্টি সংঘৰ তৰফৰ পৰা অংগবস্ত্ৰ আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনোৱা হয়। এই উপলক্ষে আজি চুম্পী বৰাৰ বাসগৃহত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে মিলিত কৃষ্টি সংঘৰ সম্পাদক যদু কলিতাই । অনুষ্ঠানত সংঘৰ সভাপতি প্ৰকাশ প্ৰসাদে মেধাৱী ছাত্ৰীগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জনাই বক্তব্য প্ৰদান কৰে।

উক্ত, অভিনন্দন অনুষ্ঠানত মিলিত কৃষ্টি সংঘৰ উপদেষ্টা গোপাল শইকীয়া আৰু হৰেন্দ্ৰ নাথ বৰুৱা, হিছাপ পৰীক্ষক গুণেশ্বৰ গায়ন,সহকাৰী সম্পাদক দুদু বৰুৱা, কাৰ্যকৰী সদস্য দিগন্ত হাজৰিকা, বীৰেন ভূঞা আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বালিচাপৰি মহিলা সমিতিৰ তৰফৰ পৰাও চুম্পী বৰাক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বালিচাপৰি মহিলা সমিতিৰ সভানেত্ৰী ৰীজু গোস্বামী, ৰেখা বৰা, কুসুম হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। উক্ত, সম্বৰ্ধনা গ্ৰহণ কৰি চুম্পী বৰাই তেওঁৰ অধ্যয়নৰ বিষয়বস্তু আৰু ৰাজ্যপাল পি বি আচাৰ্য ৰাষ্ট্ৰীয় গৱেষণা পুৰস্কাৰ লাভ কৰাৰ বিষয়ে বক্তব্য প্ৰদান কৰি বালিচাপৰিৰ মিলিত কৃষ্টি সংঘ আৰু মহিলা সমিতিক কৃতজ্ঞতা প্ৰকাশ কৰে।