‘অতুল চন্দ্ৰ গোস্বামী আছিল অতুলনীয় ত‍্যাগৰ প্ৰতিভূ’— ডঃ দেৱজিৎ শইকীয়া

‘অতুল চন্দ্ৰ গোস্বামী আছিল অতুলনীয় ত‍্যাগৰ প্ৰতিভূ’— ডঃ দেৱজিৎ শইকীয়া

মাজুলী মহাবিদ্যালয়ত প্ৰতিষ্ঠাপক অধ্যক্ষৰ পঞ্চদশ স্মৃতিদিৱস পালন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ প্ৰথমখন উচ্চ শিক্ষানুস্থান মাজুলী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ পঞ্চদশ স্মৃতি দিৱস উপলক্ষে আজি মহাবিদ্যালয় পৰিয়ালে প্ৰতিষ্ঠাপক অধ্যক্ষগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গোস্বামীৰ পঞ্চদশ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা এন চি চিৰ পৰিচালক নাৰায়ণ শইকীয়া, কৰ্মচাৰী ভৱেন শইকীয়া, প্ৰশান্ত পায়েং, মংগলা পায়েং, ৰত্ন বৰা, অনাময়কৰ্মী দীপক দাস আৰু নৈশ চকীদাৰ মাণিক ৰেগনৰ নেতৃত্বত মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলে মহাবিদ্যালয় চৌহদ পৰিষ্কাৰ কৰে। পুৱা ১০.৩০ বজাত মহাবিদ্যালয় চৌহদত প্ৰতিষ্ঠাপিত শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ধূপ-দীপ প্ৰজ্বলন কৰি পুষ্পাৰ্ঘ‍্য নিৱেদন আৰু প্ৰতিমূৰ্তিত মাল‍্যাৰ্পণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়া, প্ৰাক্তন অধ‍্যক্ষত্ৰয় সৰ্বেশ্বৰ হাজৰিকা, নৰেন চন্দ্ৰ ঠাকুৰীয়া, ভোলা বৰা আৰু মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকাই। প্ৰতিষ্ঠাপক অধ‍্যক্ষগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু স্মৃতিচাৰণৰ উদ্দেশে আয়োজিত অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক আৰু মুৰব্বী অপূৰ্বজ‍্যোতি হাজৰিকাই। অনুষ্ঠানটিত সভাপতিত্ব কৰি অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই প্ৰতিষ্ঠাপক অধ্যক্ষগৰাকীৰ জীৱনৰ এক চমু অৱলোকন দাঙি ধৰে। অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “অতুল চন্দ্ৰ গোস্বামী মাজুলীবাসীৰ বাবে গভীৰ প্ৰেৰণাদায়িনী এক শক্তি। যাতায়াত-যোগাযোগ সম্পৰ্কীয় সীমাহীন সমস্যাৰে জৰ্জৰিত সেইকালৰ মাজুলীখনক পোহৰাই তুলিবলৈ আহি নিজেই একো একোটা উজ্জ্বল জ‍্যোতিষ্কলৈ পৰ্যৱসিত হোৱা বৰেণ‍্য লোকসকলৰ অন‍্যতম শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামী আছিল অতুলনীয় ত‍্যাগৰ প্ৰতিভূ।” সভাত বক্তৃতা প্ৰদান কৰি অৱসৰপ্ৰাপ্ত অধ‍্যক্ষত্ৰয় সৰ্বেশ্বৰ হাজৰিকা, নৰেন চন্দ্ৰ ঠাকুৰীয়া, ভোলা বৰা, প্ৰাক্তন ছাত্ৰ তথা মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকা, কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুখ‍্য সহায়কদ্বয় গোৱিন বৰুৱা আৰু পদ্মধৰ বৰুৱাই প্ৰতিষ্ঠাপক  অধ্যক্ষগৰাকীয়ে নিজকে মাজুলীৰ কল্যাণৰ বাবে উছৰ্গা কৰিলে বুলি উল্লেখ কৰি কয় যে অতুল চন্দ্ৰ গোস্বামীৰ দীৰ্ঘদৰ্শিতা, মহানুভৱতা আৰু নিঃস্বাৰ্থ ত্যাগৰ কথা মাজুলী মহাবিদ্যালয় থাকে মানে স্মৰণীয় হৈ থাকিব। আজিৰ অনুষ্ঠানটিত উপস্থিত থকা প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অভ‍্যন্তৰীণ মান নিশ্চিকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, শিক্ষক গোটৰ সম্পাদক ডঃ অনুপ কুমাৰ দলে, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মহাবিদ‍্যালয়ৰ নডেল বিষয়া দেৱজ‍্যোতি খাটনিয়াৰ, মহিলা কোষৰ সভানেত্ৰী ডঃ ৰূপজ‍্যোতি বৰা, সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ সম্পাদক ডঃ ৰাজেন চন্দ্ৰ বৰা, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক অধ‍্যাপক তুলসী ৰাজখোৱা, এ চি টি এৰ মাজুলী মণ্ডলৰ সম্পাদক ডঃ দেৱজ‍্যোতি ভট্টাচাৰ্য, মহাবিদ‍্যালয় কৰ্মচাৰী গোটৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল বৰুৱা, সম্পাদক সদানন্দ ৰেগন প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰীসকলে শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ প্ৰতিমূৰ্তিত পুষ্পাৰ্ঘ‍্য তৰ্পণ কৰি শ্ৰদ্ধা জনায়।