মাজুলী মহাবিদ্যালয় কৰ্মচাৰী গোটৰ যোগ পাহাদীলৈ বিদায় সম্বৰ্ধনা ;
‘আদৰ্শ কৰ্মচাৰীৰ সান্নিধ্যই শিক্ষাৰ্থীৰ জীৱন জীপাল কৰে’— ডঃ দেৱজিৎ শইকীয়া
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ১৯৮৩ চনৰ পৰা সুদীৰ্ঘ কাল মাজুলী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰ যোগনিয়াৰ হিচাপে সেৱা আগবঢ়াই যোৱা জানুৱাৰী মাহত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা যোগ পাহাদীক মহাবিদ্যালয় কৰ্মচাৰী গোটৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাবলৈ আজি মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় এখনি বিদায় সম্বৰ্ধনা সভা। কৰ্মদিন নষ্ট নকৰাকৈ অনুষ্ঠিত কৰা আজিৰ বিদায় সম্বৰ্ধনা সভাৰ সৈতে সংগতি ৰাখি পুৱা মহাবিদ্যালয়ৰ এন চি চিৰ পৰিচালক নাৰায়ণ শইকীয়া, কৰ্মচাৰী প্ৰশান্ত পায়েং, ৰত্ন বৰা, অনাময়কৰ্মী দীপক দাস আৰু নৈশ চকীদাৰ মাণিক ৰেগনৰ নেতৃত্বত মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলে মহাবিদ্যালয় চৌহদ পৰিষ্কাৰ কৰে। সম্বৰ্ধনা সভাৰ পূৰ্বে যোগ পাহাদীয়ে মহাবিদ্যালয়ৰ চৌহদত এটি গছ পুলি ৰোপণ কৰে। দুপৰীয়া ১২ বজাত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাৰ আঁত ধৰে কাৰ্যালয়ৰ নৱনিযুক্ত মুখ্য সহায়ক উৎপল বৰুৱাই। কৰ্মচাৰী গোটৰ সম্পাদক সদানন্দ ৰেগনে সকলোকে আদৰণী জনায়। মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়া, অৱসৰপ্ৰাপ্ত মুখ্য কাৰ্যালয় সহায়ক গোবিন বৰুৱা, প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত পৰীক্ষাগাৰ যোগনিয়াৰ দীনকান্ত হাজৰিকা প্ৰমুখ্যে লোকসকল বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সম্বৰ্ধনা সভাখনিত বিদায়ী কৰ্মচাৰী যোগ পাহাদীক মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কৰ্মচাৰী গোটৰ তৰফৰ পৰা অংগবস্ত্ৰ, সম্বৰ্ধনা পত্ৰ, মহাবিদ্যালয়ৰ স্মাৰক আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। কৰ্মচাৰী গোটৰ হৈ কিৰণজিৎ চমুৱা, গৌতম দাস, যাদৱ পায়েং, প্ৰণৱ হাজৰিকা, অতুল বৰা, জয়ন্ত মাধৱ দত্ত, পল্লৱজ্যোতি ভূঞা, অংকুৰজ্যোতি বৰা, মংগলা পায়েং, দীপক দাস আদিয়ে যোগ পাহাদীৰ লগত অতিবাহিত কৰা দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে। সভাপতিৰ মন্তব্যত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “শিক্ষানুষ্ঠানৰ কৰ্মচাৰীয়ে শিক্ষাৰ্থীক নৈতিক শিক্ষা প্ৰদানত উল্লেখনীয় ভূমিকা পালন কৰে। এগৰাকী আদৰ্শ কৰ্মচাৰীৰ সান্নিধ্যই শিক্ষাৰ্থীৰ জীৱন জীপাল কৰি তোলে। শিক্ষাৰ্থীসকলক নতুন জীৱনৰ পথ নিৰ্দেশনাও দিব পাৰে যোগ পাহাদীৰ নিচিনা নৈষ্ঠিক, সময়ানুৱৰ্তী আৰু কৰ্মতৎপৰ কৰ্মচাৰীয়েই।” মাজুলী মহাবিদ্যালয়ৰ প্ৰসংগ উল্লেখেৰে তেওঁ লগতে কয় যে মাজুলী মহাবিদ্যালয়ত শিক্ষাৰ্থীসকলে কৰ্মচাৰীসকলক বৰদেউতা, দদাইদেউ, ককাইদেউ আদি সম্বন্ধেৰে সম্বোধন কৰাটোৱেই প্ৰমাণ কৰে যে শিক্ষাৰ্থীয়ে কৰ্মচাৰীসকলক কিমান আন্তৰিকতাৰে অনুকৰণ কৰে। তেওঁ লগতে যোগ পাহাদীয়ে আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে আৰু আনুষ্ঠানিকভাৱে বিদায় গ্ৰহণ কৰিলেও মহাবিদ্যালয়ৰ উত্তৰণৰ ক্ষেত্ৰত আজীৱন সহযোগ কৰিব বুলি আশা প্ৰকাশ কৰে। নিজৰ বক্তব্যত পাহাদীয়ে সফলতাৰে কৰ্মজীৱন সমাপ্ত কৰিব পৰাৰ ক্ষেত্ৰত অধ্যক্ষকে মুখ্য কৰি মহাবিদ্যালয় পৰিয়ালে আগবঢ়োৱা সহযোগিতাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। সভাৰ শেষত সকলোকে শলাগ জ্ঞাপন কৰে মুখ্য কাৰ্যালয় সহায়ক উৎপল বৰুৱাই।
