নগাঁৱৰ কাটনি গাঁৱৰ আচমিনাৰ সাফল্য
আৰ্থিক অভাৱ নেওচি জুয়ে পোৰা সোণ হৈ জিলিকিল
ৰঙিলী বাৰ্ত্তাসেৱা- জীৱনৰ ঘাট-প্ৰতিঘাত, দৰিদ্ৰতাৰ দৰে প্ৰত্যাহ্বানক নেওচি সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে আচমিনা বেগমে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ কাটনি গাঁও নিবাসী স্বৰ্গীয় আমিৰুদ্দিন আৰু ৰমজিনা বেগমৰ জীয়ৰী আচমিনা বেগমে ডিষ্টিংচনসহ ৯১.১৬ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। জে.ই.ই পৰীক্ষাত উত্তীৰ্ণ হৈ ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন পুহি ৰখা আচমিনাই নগাঁৱৰ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ অসমীয়াত ৮৭, ইংৰাজীত ৮৯, সাধাৰণ গণিতত ৯৮, সাধাৰণ বিজ্ঞানত ৮৮, সমাজ বিজ্ঞানত ৯২ আৰু ঐচ্ছিক গণিতত ৯৭ নম্বৰ লাভ কৰিছে। ফলাফল ঘোষণাৰ লগে লগে পিতৃ আৰু খুৰাকক হেৰুওৱা ছাত্ৰীগৰাকীৰ ঘৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ছাত্ৰীগৰাকীৰ এই সফলতাত এতিয়া অধ্যয়ন কৰা বিদ্যালয়খনৰ লগতে অঞ্চলবাসী ৰাইজ উৎফুল্লিত যদিও আর্থিক অনাটনৰ বাবে ছাত্ৰীগৰাকীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাত মাতৃ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। ঘৰতে সাধাৰণ এখন দোকান দি জীৱিকা নিৰ্বাহ কৰা ৰমজিনা বেগমৰ জীয়ৰী আচমিনাই আর্থিক অভাৱ নেওচি প্রমাণ কৰি দেখুৱালে যে জীৱনৰ ঘাট-প্ৰতিঘাতৰ বেদনাই কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে সফলতাৰ বাট।
