কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ ২ শতাংশ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা-কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰী-পেন্সনাৰলৈ সুখবৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ (ডি এ) ২ শতাংশ বৃদ্ধিৰ বাবে মন্ত্ৰীসভাই অনুমোদন জনাইছে । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগে লগে ডিএ-ডিআৰৰ পৰিমাণ বৰ্তমানৰ ৫৮ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি পাব ।কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে মৰগীয়া বানচ আৰু মৰগীয়া সকাহ দুয়োটা বৃদ্ধিৰ বাবে ৰাজকোষৰ ওপৰত বছৰি মুঠ ৬,৭৯১.২৪ কোটি টকাৰ বোজা পৰিব । ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক ডিএ আৰু পেঞ্চনাৰসকলক ডিআৰৰ অতিৰিক্ত কিস্তি মুকলি কৰাৰ অনুমোদনে বৰ্তমানৰ মৌলিক দৰমহা/পেঞ্চনৰ ৫৮ শতাংশ হাৰৰ তুলনাত ২ শতাংশ বৃদ্ধিৰ প্ৰতিনিধিত্ব কৰে । মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কমোৱাৰ বাবে এই বৃদ্ধি কৰা হৈছে । চৰকাৰৰ এই সিদ্ধান্তৰ ফলত প্ৰায় ৫০.৪৬ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮.২৭ লাখ পেঞ্চনাৰ উপকৃত হ’ব । তদুপৰি চৰকাৰে ৰাজকোষৰ পৰা বছৰি ব্যয় কৰিব লাগিব অতিৰিক্ত ৬,৭৯১ কোটি টকা। উল্লেখ্য যে ক’ভিড মহামাৰীৰ সময়ত তিনিবাৰ ডিএ-ডিআৰ স্থগিত ৰাখিছিল কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে ২০২১ চনৰ পৰা ইয়াক পুনৰ নিয়মীয়া কৰা হয়। বিগত বৰ্ষৰ জুলাই মাহত ২ শতাংশ ডিএ-ডিআৰ বৃদ্ধি কৰা হৈছিল। ইয়াৰ পিছত অক্টোবৰত ৩ শতাংশ বঢ়োৱাত ইয়াৰ পৰিমাণ হয় ৫৮ শতাংশ। ইফালে আজিৰ কেবিনেটে আৰু কেইটামান সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী বৈষ্ণৱে। তাৰ ভিতৰত প্ৰধানমন্ত্ৰী গ্রাম চড়ক যোজনা-৩ৰ বাবে পূর্বে আবণ্টিত ধনৰ পৰিমাণ ৮০,২৫০ কোটিৰ পৰা ৮৩,৯৭৭ কোটি টকালৈ বৃদ্ধি অন্যতম। ইয়াৰ জৰিয়তে পথৰ লগতে পাহাৰ আৰু সমতল এলেকাত দলং নিৰ্মাণ কৰা হ’ব। বিশেষকৈ গ্রামাঞ্চলৰ আৱাসিক এলেকাৰ সৈতে বজাৰ, বিদ্যালয় আৰু চিকিৎসালয় সংযোগী পথ নির্মাণত অগ্রাধিকাৰ দিব চৰকাৰে।
