এটা সৎ চেষ্টাৰ ভ্রূণ হত্যা কৰিলে কংগ্রেছ-ডিএমকে-তৃণমূলেঃ প্ৰধানমন্ত্ৰী মোদী

Pc Theweek.in

এটা সৎ চেষ্টাৰ ভ্রূণ হত্যা কৰিলে কংগ্রেছ-ডিএমকে-তৃণমূলেঃ প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- লোক সভাত মহিলা সংৰক্ষণ বিধেয়কৰ সন্দৰ্ভৰ বিধেয়কসমূহ গৃহীত কৰাত বিফল হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ ওচৰত দুখ প্রকাশ কৰিছে। প্রধানমন্ত্রী মোদীয়ে মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ সম্পর্কীয় সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰিব নোৱাৰা বাবে শনিবাৰে দেশৰ সকলো মাতৃ, ভগ্নী, কন্যাৰ ওচৰত ক্ষমা বিচাৰে আৰু ‘স্বাৰ্থপৰ ৰাজনীতি’ৰ বাবে ভাৰতৰ মহিলাসকলৰ সবলীকৰণৰ যুঁজত বাধাৰ সৃষ্টি কৰিছে বুলি বিৰোধী দলক সমালোচনা কৰে ।  পূর্বে ঘোষণা কৰা মতে, শনিবাৰে নিশা ৮.৩০ বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়ে প্রধানমন্ত্রী মোদীয়ে। ভাষণ প্রসংগত তেওঁ মহিলাসকলৰ সংৰক্ষণ সম্পর্কীয় সংবিধান সংশোধনী বিধেয়কখন লোকসভাত গৃহীত কৰিব নোৱাৰাৰ বাবে কংগ্রেছসহ বিৰোধী দলসমূহক দোষাৰোপ কৰি তেওঁ কয়, ‘নাৰীৰ স্বপ্ন চূর্ণ-বিচূর্ণ কৰিলে বিৰোধীয়ে।’ এইক্ষেত্রত কংগ্ৰেছৰ লগতে ডিএমকে, সমাজবাদী পার্টী, তৃণমূল কংগ্ৰেছৰ নাম তেওঁ উল্লেখ কৰে। মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাত কংগ্ৰেছে উল্লাসেৰে হাত চাপৰি বজায় বুলি অভিযোগ কৰে প্ৰধানমন্ত্ৰীয়ে। কংগ্ৰেছ, তৃণমূল, ডিএমকেৰ দৰে বিৰোধী দলসমূহক ‘নাৰীশক্তিবিৰোধী’ বুলি আখ্যা দিয়ে প্রধানমন্ত্রী মোদীয়ে। মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত কৰিব নোৱাৰাৰ সৈতে ভ্রূণ হত্যাৰ লগত তুলনা কৰে মোদীয়ে। তেওঁৰ মতে, বিধেয়কখন গৃহীত কৰিবলৈ নিদি কংগ্ৰেছ, তৃণমূল, ডিএমকে, এছপিৰ দৰে দলসমূহে ভ্রূণ হত্যা কৰিলে। মোদীয়ে কয়, ‘এটা সৎ চেষ্টাৰ ভ্রূণ হত্যা কৰিলে কংগ্ৰেছ, ডিএমকে, তৃণমূলৰ দৰে দলসমূহে। নাৰীসকলৰ উত্থান ঘটিলে পৰিয়ালতান্ত্রিক দলসমূহে বিপদত পৰিব আৰু সেই কাৰণে এই বিধেয়কৰ বিৰোধিতা কৰা হৈছে বুলি অভিযোগ কৰে প্রধানমন্ত্রীয়ে। বিধেয়কখন গৃহীত নোহোৱাত বিৰোধী পক্ষক দায়ী কৰি তেওঁ কয়, ‘দেশৰ মহিলাই এই পাপক ক্ষমা নকৰিব।’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মহিলাসকলক আগুৱাই লৈ যোৱাৰ সুযোগ আছিল তৃণমূলৰ ওচৰত। কিন্তু সেই সুযোগ তেওঁলোকে নষ্ট কৰিলে। একেই পথেৰে বাট বুলিলে সমাজবাদী পার্টীয়েও।’ ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্রধানমন্ত্রীয়ে অভিযোগ কৰে যে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ভুল ব্যাখ্যা কৰিছে বিৰোধীপক্ষই। মহিলাৰ সংৰক্ষণক লৈ চৰকাৰৰ প্ৰয়াস অব্যাহত থাকিব বুলি জনায় প্রধানমন্ত্রী মোদীয়ে। তেওঁ কয়, ‘নাৰী সংৰক্ষণ বিধেয়কক লৈ সকলো ধৰণৰ প্ৰচেষ্টা সত্ত্বেও আমি সফল হ’ব নোৱাৰিলোঁ। মহিলা সংৰক্ষণ বিধেয়কৰ পরিত্র প্রয়াসক বাধা দিয়াসকলক দেশৰ মহিলাই কেতিয়াও ক্ষমা নকৰে।’ তেওঁ আৰু কয়, ‘এগৰাকী মহিলাই বহু কথাই পাহৰি যাব পাৰে, কিন্তু এই অপমানক তেওঁলোকে কেতিয়াও পাহৰি নাযায়। এই ধৰণৰ আচৰণৰ যন্ত্রণা দেশৰ মহিলাসকলৰ হৃদয়ত ৰৈ যাব। সময়ৰ দাবী আছিল নাৰীশক্তি বন্দন।’ কংগ্ৰেছক ‘সংস্কাৰবিৰোধী দল’ বুলি কটাক্ষ কৰে প্রধানমন্ত্রী মোদীয়ে। তেওঁ কয়, ‘কংগ্ৰেছে যেতিয়াই সংস্কাৰৰ কথা শুনিবলৈ পায় তেতিয়াই তাক বোধ কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলায়।’ তেওঁ আৰু কয়, ‘আমি ভাবিছিলোঁ যে কংগ্ৰেছে তেওঁলোকৰ শতিকাপুৰণি ভুলসমূহ শুধৰাই ল’ব। কিন্তু পৰজীৱীৰ দৰে আঞ্চলিক দলসমূহৰ সাহায্যত বাচি আছে কংগ্রেছ। তেওঁলোকে মহিলাসকলৰ ওচৰত থিয় হোৱাৰ আৰু নতুন ইতিহাস গঢ়াৰ সুযোগ নষ্ট কৰিলে।’