মমতা বেনাৰ্জীৰ বাবেই হুমায়ুনৰ দৰে লোকে বাবৰি মছজিদ নিৰ্মাণৰ হুংকাৰ দিব পাৰেঃ মুখ্যমন্ত্ৰী

মমতা বেনাৰ্জীৰ বাবেই হুমায়ুনৰ দৰে লোকে বাবৰি মছজিদ নিৰ্মাণৰ হুংকাৰ দিব পাৰেঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ২৩, ২৯ এপ্রিলত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পশ্চিমবংগত উপস্থিত হৈছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। বৃহস্পতিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই বাবৰি মছজিদ নিৰ্মাণৰ সিদ্ধান্তক লৈ টিএমচিৰ প্ৰাক্তন বিধায়ক হুমায়ুন কবীৰক তীব্ৰ সমালোচনা কৰি বিজেপি শাসিত ৰাজ্যত এনে ঘটনা নহয় বুলি উল্লেখ কৰে ।  কলকাতাত এতিয়া হুমায়ুনৰ দৰে লোকে বাবৰি মছজিদ নিৰ্মাণৰ কথা কয়। এয়া হুমায়ুনৰ পৈত্রিক সম্পত্তি নহয়। এই পশ্চিমবংগ বাবৰৰ ঠাই নহয়, এয়া ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্থান। মমতা বেনাৰ্জীৰ বাবেই হুমায়ুনৰ দৰে লোকে বাবৰি মছজিদ নিৰ্মাণৰ হুংকাৰ দিব পাৰে। অসমত এই হুংকাৰ দিলে তাক শেষ কৰি দিয়া হ’ব। আৰক্ষী থানাত হাজিৰ হ’ব লাগিব। পশ্চিমবংগত যদি নির্মাণ হ’ব লাগে তেন্তে সেয়া হ’ব কৃষ্ণৰ মন্দিৰ, ৰামৰ মন্দিৰ। বিজেপি চৰকাৰ হ’লে পশ্চিমবংগ সীমান্তত বৈদ্যুতিক ফেঞ্চিং দিয়া হ’ব, কোনো বাংলাদেশী মুছলমান সোমাব নোৱাৰে। বিজেপি চৰকাৰ হ’লে ৫ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হ’ব। বাৰে বাৰে যদি তৃণমূল কংগ্ৰেছ জয় হয়, তেন্তে পশ্চিমবংগ বাংলাদেশত পৰিণত হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাৰ ঘোষণা- পশ্চিমবংগ আৰু অসমত হয় আমি জীয়াই থাকিম, নহ’লে বাংলাদেশী মুছলমান জীয়াই থাকিব। দুয়োটা একেলগে জীয়াই থাকিব নোৱাৰে। পশ্চিমবংগত এতিয়া সীমান্ত খোলা। এই খোলা সীমান্তৰে এতিয়া প্রতিদিনে সোমাইছে বাংলাদেশী। পশ্চিমবংগৰ পৰা এতিয়া গৰু সৰবৰাহ হয় আৰু বাংলাদেশৰ পৰা পশ্চিমবংগলৈ সৰবৰাহ হয় নতুন নতুন মানুহ। যদি এনেদৰে বাংলাদেশী মুছলমান আহি থাকে আমি কেনেদৰে জীয়াই থাকিম? এই বাংলাদেশী মুছলমানসকলে অসম আৰু পশ্চিমবংগ শেষ কৰি পেলাইছে। পশ্চিমবংগত হয়তো হিন্দু লোক জীয়াই থাকিব নোৱাৰিব। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে কোচবিহাৰ দক্ষিণ, কালাচিনি আৰু ফাচিদেৱা সমষ্টিত তিনিখনকৈ নির্বাচনী সভাত অংশগ্ৰহণ কৰে। এই নির্বাচনী সভাতে ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- অসমত ১০ বছৰ বিজেপিৰ শাসন চলিল। মই বাংলাদেশীৰ ৰাজনৈতিক ভৰি সম্পূৰ্ণৰূপে ভাঙি দিলোঁ। এইবাৰ নিৰ্বাচনত মই ঘোষণা কৰি আহিছোঁ যে যদি পুনৰবাৰ বিজেপি চৰকাৰ গঠন হয়, বাংলাদেশী মুছলমানৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাম। বাংলাদেশী মুছলমানৰ পৰা আমি ডেৰ লাখ বিঘা ভূমি উচ্ছেদ কৰিছোঁ। অসমত বাংলাদেশী ভূমিৰ পৰা খেদি পঠিয়াইছোঁ। অসমৰ দৰে পশ্চিমবংগতো বাংলাদেশী মুছলমানক প্রত্যাহ্বান জনোৱা এখন চৰকাৰৰ আৱশ্যক। পশ্চিমবংগত যদি পুনৰ তৃণমূল চৰকাৰ গঠন হয়, তেন্তে ইয়াত হিদু কেতিয়াও সুৰক্ষিত হৈ থাকিব নোৱাৰে। যি চৰকাৰে হিন্দুৰ ওপৰত আতিশয্য আৰম্ভ কৰে, তাৰ প্ৰতিৰোধৰ বাবে ক’ৰবাত নহয় ক’ৰবাত কৃষ্ণৰ জন্ম হয় আৰু এই কৃষ্ণয়েই প্রতিশোধ ল’ব। ইফালে বিজেপি চৰকাৰ গঠন হ’লে পশ্চিমবংগত মাছ-মাংস বন্ধ হ’ব বুলি চলা প্ৰচাৰৰ বিৰুদ্ধে নির্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে দৰাচলতে ৰাজ্যখনত গো-মাংসৰ ব্যৱসায় বন্ধ হৈ যাব বুলি ভয় খাইছে। ৰাজ্যখনত মাছ-মাংস বন্ধ হোৱাক লৈ চিন্তিত নহয় মমতা বেনার্জী। তেওঁ কেৱল বাংলাদেশলৈ যাতে গো-মাংসৰ সৰবৰাহ বন্ধ নহয় তাৰ বাবেহে চিন্তিত। অসমত কামাখ্যা মন্দিৰ আছে, তাত বলি দিয়া হয়। অসমত বিজেপি চৰকাৰ আছে কিন্তু ৰাজ্যখনত মাছ-মাংস বন্ধ হোৱা নাই। তেওঁ কয়- বিজেপি চৰকাৰ অহাৰ পিছত অসমত কোনেও মাছ-মাংস খোৱা বন্ধ কৰা নাই। মই মমতা বেনার্জীক ক’ব বিচাৰোঁ, আপুনি অসমলৈ আহক, আপোনাক ধুনীয়াকৈ মাছ-মাংস খুৱাম। আপুনি আৰু মই দুয়োজনে বহি কামাখ্যা মন্দিৰত বলি দিয়া পঠাৰ প্ৰসাদ আমি দুয়োজনে একেলগে খাম, মই আপোনাতকৈ অলপ বেছিহে খাম। কিন্তু মই ডাঙৰ বিধ নাখাওঁ। আপোনাৰ ওচৰত থকা লোকসকলে যিধৰণে ডাঙৰবিধ খায়, সেয়া মই নাখাওঁ আৰু তাৰ প্ৰতিযোগিতাও মই কৰিব নোৱাৰোঁ। আপোনাতকৈ মাছো বেছিকৈ খাম। আপুনি যদি ৫ কেজি মাছ খায়, মই ১০ কেজি খাম। মাছৰ খেল এৰক মমতা বেনাৰ্জীয়ে। আনহাতে অসমৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্রীয়ে কয়-বিজেপিৰ শাসনকালত যোৱা ১০ বছৰত অসমত কিমান পৰিৱৰ্তন হৈছে। অসমৰ চৰকাৰী কৰ্মচাৰীয়ে এতিয়া সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন অনুসৰি দৰমহা লাভকৰে, ৫০ শতাংশ মৰগীয়া বানচ পায়। কিন্তু পশ্চিমবংগ এখন বৃহৎ ৰাজ্য হোৱাৰ পিছতো ইয়াৰ চৰকাৰী কৰ্মচাৰীয়ে মাত্র ২২ শতাংশহে মৰগীয়া বানচ পায়। অসমৰ দৰে সৰু ৰাজ্যৰ কৰ্মচাৰীয়ে যদি ৫০ শতাংশ মৰগীয়া বানচ পায়, তেন্তে পশ্চিমবংগৰ চৰকাৰী কৰ্মচাৰীয়েও ৫০ শতাংশ মৰগীয়া বানচ লাভ কৰিব লাগে।পশ্চিমবংগতো বিজেপি চৰকাৰ আনিব লাগে বুলি মন্তব্য কৰি মুখ্যমন্ত্রয়ে কয়-আজি বাংলাদেশত যি ৰাজনৈতিক অস্থিৰতা হৈছে, ২০ বছৰ পাছত আমাৰ ইয়াতো এই অৱস্থাৰ সৃষ্টি হ’ব। পশ্চিমবংগৰ দৰে অৱস্থা অসমতো হৈছিল। কিন্তু আজি অসমত হিন্দু জাগি উঠিছে। গতিকে এতিয়া অসমৰ হিন্দুক একো কৰিব নোৱাৰে। যদি পশ্চিমবংগ আৰু অসমৰ হিন্দু এক হয়, তেন্তে বাংলাদেশী মুছলমানে আমাৰ চুলি এডালো ল’ৰাব নোৱাৰে। দেশৰ আন জনতাৰ লগত আমাৰ কোনো সমস্যা নাই। কিন্তু বাংলাদেশী মুছলমানৰ আগ্ৰাসনৰ ফলত আমাৰ হিন্দু এতিয়া সংখ্যালঘুত পৰিণত হ’বলৈ লৈছে, হিন্দু সংস্কৃতিক শেষ কৰি দিব বিচৰা হৈছে।