দশম শ্ৰেণীৰ চিবিএছই পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড়ৰ শিক্ষাভেলী বিদ্যালয়ৰ ছাত্ৰী ৰীভা সিংঘানিয়াই ৯৯.৪% নম্বৰ লাভ কৰিছে :: উত্তীৰ্ণৰ হাৰ ১০০%
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ শিক্ষা ভেলী বিদ্যালয়ে ২০২৬ চনৰ চিবিএছই ব’ৰ্ড পৰীক্ষাত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ অসাধাৰণ ফলাফল ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছে। বিদ্যালয়খনে ইয়াৰ শৈক্ষিক উৎকৰ্ষতাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এই বছৰো ১০০% উত্তীৰ্ণ ফলাফল লাভ কৰিছে। মুঠ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকৰ এই প্ৰশংসনীয় ফলাফলে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ একত্ৰিত প্ৰচেষ্টাৰ প্ৰতিফলন দাঙি ধৰে। বিদ্যালয় খনৰ শীৰ্ষস্থান অধিকাৰ কৰিছে ৰীভা সিংঘানিয়াই, তেওঁ ৯৯.৪% নম্বৰ লাভ কৰি বিদ্যালয়খনত প্ৰথম স্থান অধিকাৰ কৰিছে। সামগ্ৰিক ফলাফলতো উল্লেখযোগ্য সাফল্য দেখা গৈছে আৰু ইয়াৰে ২৫ জন ছাত্ৰ-ছাত্ৰীয়ে ৯০%ৰ ওপৰত নম্বৰ লাভ কৰিছে, ২৯ জনে ৮০%ৰ পৰা ৮৯%ৰ ভিতৰত নম্বৰ পাইছে। অৰ্থাৎ, মুঠ ছাত্ৰ-ছাত্ৰীৰ দুই-তৃতীয়াংশতকৈ অধিকই ৮০%ৰ ওপৰত নম্বৰ লাভ কৰিছে।এই অসাধাৰণ সফলতাৰ বাৱে স্কুল কতৃপক্ষই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায়। ডিব্ৰুগড়ৰ আমোলাপট্টি ৰে’লগেট নিবাসী পৰাগ এম. সিংঘানিয়া আৰু নন্দিনী সিংঘানিয়াৰ কন্যা ৰীভা সিংঘানিয়াই ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হোৱাৰ সপোন পুহি আছে। তেওঁৰ এই সফলতাৰ বাৱে পিতৃ মাতৃ আৰু স্কুল কতৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।
