মহানগৰীত প্ৰেমিকাক জীৱন্তে জ্বলাই দিলে যুৱকে
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত গাৰ নোম শিয়ৰি উঠা ঘটনা। এক ভয়ংকৰ ঘটনাই পুনৰ জোকাৰি গৈছে গুৱাহাটী মহানগৰীক। বৰাগাঁৱৰ এটা ভাৰাঘৰত এজন যুৱকে প্রেমিকাক জীৱন্তে অগ্নিদগ্ধ কৰা ঘটনাই পুনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত ৮ এপ্রিলতে সংঘটিত হৈছিল এই ঘটনা। ভুক্তভোগী যুৱতীগৰাকীৰ মৃত্যুৰ পাছতহে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। মৃত যুৱতীগৰাকী লখিমপুৰৰ ২২ বছৰীয়া নিকিতা গগৈ । আনহাতে ঘটনাটো সংঘটিত কৰা যুৱকজন নগাঁৱৰ ৰাজু বৰা। জানিব পৰা মতে, বিগত কিছুদিন পূর্বে দীর্ঘদিনীয়া প্ৰেমৰ অন্তত ভুক্তভোগী নিকিতা গগৈক পলুৱাই গুৱাহাটীলৈ আনিছিল নগাঁৱৰ ৰাজু বৰাই। গুৱাহাটীলৈ আহি বৰাগাঁৱৰ গাখীৰ চ’কৰ এটা ভাৰাঘৰত ভাৰাতীয়া হিচাপে আছিল দুয়োৱে। ঘৰৰ অমতত ভালপোৱা যুৱকজনৰ সৈতে সকলো এৰি গুৱাহাটীলৈ একেবাৰেই গুচি অহা নিকিতা গগৈয়ে এখন সুন্দৰ সংসাৰৰ সপোন দেখিছিল। প্ৰেমৰ প্ৰতিশ্রুতিৰে সুখৰ সংসাৰ গঢ়াৰ আশাৰে লখিমপুৰৰ পৰা পলুৱাই অনা নিকিতা গগৈক যৌতুক বিচাৰি হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে ৰাজু বৰাই। স্থানীয় লোকে জানিবলৈ দিয়া মতে, দুয়োজনৰ মাজত ঘৰুৱা বিভিন্ন বিষয়ক লৈ প্রায়েই তর্কাতর্কি হৈছিল। এই তর্কাতর্কিয়ে এদিন চূড়ান্ত ৰূপ ল’লে। যোৱা ৮ এপ্রিলত নিকিতা গগৈক অগ্নিদগ্ধ অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে। লগে লগেই সংকটজনক অৱস্থাত ওচৰ-চুবুৰীয়াই ভুক্তভোগী নিকিতাক জিএমচিএইচলৈ প্ৰেৰণ কৰে। মৃত্যুৰে সৈতে যুঁজি যুৱতীগৰাকীয়ে হাস্পতালতে যোৱা ৯ এপ্রিলত মৃত্যুক সাবটি লয়। স্থানীয় লোকে বিষয়টো আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে লখিমপুৰত থকা যুৱতীগৰাকীৰ পৰিয়ালক খবৰ দিয়ে। সেইমর্মে যোৱা ৯ এপ্রিলত পৰিয়ালে মৃতদেহটো চমজি লয়। ইপিনে, ঘটনাটো সংঘটিত হোৱাৰ পাছতে বৰাগাঁৱৰ ভাৰাঘৰৰ পৰা পলায়ন কৰে ৰাজু বৰাই। যুৱতীগৰাকীৰ পৰিয়ালে এই সন্দৰ্ভত গড়চুক থানাত এখন এজাহাৰো দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৭৩/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বর্তমানলৈকে পলাতক ৰাজু বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। যুৱতীগৰাকীৰ পৰিয়ালে এই সন্দৰ্ভত সদৰী কৰা মতে, প্রায়েই যৌতুকক লৈ কৰা হাৰাশাস্তিক লৈ নিকিতা গগৈয়ে পিতৃ-মাতৃক অৱগত কৰিছিল। যৌতুকৰ বাবেই নিকিতাক নৃশংসভাৱে ৰাজু বৰাই হত্যা কৰাৰ অভিযোগ তুলিছে। জানিব পৰা মতে, ঘটনাটো সংঘটিত হোৱাৰ পাছতেই আৰক্ষীয়ে ৰাজু বৰাৰ ভাৰাঘৰৰ পৰা এটা কেৰাচিনৰ বটল জব্দ কৰিছে। যুৱতীগৰাকীক কেৰাচিন ঢালিয়েই হত্যা কৰাৰ সন্দেহ আৰক্ষীয়ে কৰিছে। জিএমচিএইচৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, ৮ এপ্ৰিলত যুৱতীগৰাকীক হাস্পতাললৈ অনাৰ সময়ত দেহৰ প্ৰায় ৯৫ শতাংশ অংশই অগ্নিদগ্ধ হৈছিল। যথেষ্ট মুমূর্ষু অৱস্থাত যুৱতীগৰাকীক হাস্পতাললৈ অনা হৈছিল।পলাতক ৰাজু বৰাক গ্ৰেপ্তাৰৰ পাছতেই হয়তো সকলো ৰহস্য পোহৰলৈ আহিব।
