৬৮-৭৪ আসন লাভেৰে বিৰোধীৰ দাবী

Pc Prokerala

৬৮-৭৪ আসন লাভেৰে বিৰোধীৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা- ভোট গণনালৈ ২০ দিন বাকী থকা অৱস্থাত অসমত বিৰোধী মঞ্চই চৰকাৰ গঠনৰ দাবী তুলিলে অখিল গগৈ আৰু অসম জাতীয় পৰিষদে। নির্বাচনক লৈ উৎসাহী হৈ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ দাবী- বিৰোধী ঐক্যই ৭০ৰ পৰা ৮০খন আসন দখলেৰে গঠন কৰিব চৰকাৰ। আনহাতে, অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাৰ দাবী- ৬৮ৰ পৰা ৭৪খন আসন দখলেৰে চৰকাৰ গঠন হ’ব বিৰোধীৰ। কাজিৰঙাত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক লৈ এক পর্যালোচনা বৈঠক কৰা অখিল গগৈৰ দাবী- এইবাৰ নিৰ্বাচনত ৰাইজৰ দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব। অতি কমেও ৰাইজৰ দলে সাতখন আসন দখল কৰাটো নিশ্চিত। আনহাতে, বিৰোধী ঐক্যমঞ্চই ৭০-৮০খন আসন দখল কৰি চৰকাৰ গঠন কৰিব বুলিও আশা কৰিলে অখিল গগৈয়ে। সংবাদ মাধ্যমৰ আগত অখিল গগৈৰ মন্তব্য- বিজেপিয়ে ৯০ৰ অধিক আসন লাভ কৰিব বুলি কৰা দাবী আকাশত চাং পতাৰ দৰে। কোনো কাৰণতে এইবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন নহয়। ইয়াৰ বিপৰীতে বিৰোধী পক্ষই চৰকাৰ গঠন কৰাটো নিশ্চিত। ইফালে, অসম জাতীয় পৰিষদ (অজাপ)-য়েও বিৰোধী ঐক্যই ৬৮-৭৪খন আসন পাব বুলি দাবী তুলিছে। নির্বাচনীবিধি উলংঘাক লৈ দলীয় প্রার্থীক অযথা হাৰাশাস্তি কৰাৰ অভিযোগেৰে আজি সংবাদ মাধ্যমৰ আগত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ দাবী- বিৰোধী ঐক্যৰ চমকপ্রদ উত্থানৰ বিপৰীতে বিজেপি মিত্রদলে ৩৫-৪০খন আসনতে সীমাবদ্ধ থাকিব। এই সন্দর্ভত জগদীশ ভূঞাই কয়- মই দায়িত্বসহকাৰে কৈছোঁ এইবাৰ চৰকাৰ বিৰোধী পক্ষৰ পৰা হ’ব। সকলো নিশ্চিত থাকক। আমি চৰকাৰ গঠন কৰিম। মন কৰিবলগীয়া যে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাছতো প্ৰতিটো সমষ্টিতে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা অজাপে এইবাৰ এখনো  আসন দখল কৰিবলৈ সক্ষম নহ’ব বুলি ইতিমধ্যে ভৱিষ্যদ্বাণী কৰিছে মুখ্যমন্ত্রী ড° শৰ্মাই। মুখ্যমন্ত্ৰীৰ মতে ৰাইজৰ দলে ধিং সমষ্টি দখলেৰে এখন আসনতে সন্তুষ্ট থাকিব লাগিব। আনহাতে, অজাপে লাভ নকৰে এখনো আসন। মুখ্যমন্ত্ৰীৰ এনে দাবীৰ বিপৰীতে আজি অজাপে বিৰোধী ঐক্যই চৰকাৰ গঠনৰ বিপৰীতে বিজেপিয়ে ৩৫-৪০খন আসনত আবদ্ধ থাকিব বুলি কৰা ঘোষণায়ো সৃষ্টি কৰিছে যথেষ্ট চৰ্চাৰ। কংগ্ৰেছৰ মিত্ৰদলৰ এনে দাবীৰ বিপৰীতে কিন্তু এতিয়ালৈকে বিগ ব্রাদাৰ কংগ্ৰেছে কিমান আসন লাভ কৰিব, সেই সন্দৰ্ভত কোনো স্পষ্ট ধাৰণা দিবলৈ সক্ষম হোৱা নাই বিৰোধী দলটোৰ নেতৃত্বই। স্বাভাৱিকতে কংগ্ৰেছৰ এনে নীৰৱতাৰ বিপৰীতে ৰাইজৰ দল আৰু অজাপে চৰকাৰ গঠনৰ বাবে তোলা দাবীয়ে ভোটাৰ ৰাইজৰ মাজত সৃষ্টি কৰিছে সৰৱ আলোচনাৰ।