পাৰফেক্ট – জিণ্টু চাংমাই

PC - peakpx

পাৰফেক্ট

জিণ্টু চাংমাই
চামগুৰি, নগাঁও, (অসম)
শূণ্য জেপত দুহাত থৈ আগবাঢ়িছে
সময়ৰ খোজ,
জীৱনৰ আলিবাটত শেল হৈ ওলমি আছে
এচতা শিল।
২/
বুকুৰ মাজত ঘা এটুকুৰাই বাহৰ পাতিছে
এবুকু যন্ত্ৰণা,
জীৱন হৈ ওপঙি আছে
পানী টকা।
৩/
কথাতকৈ আগত দৌৰিছে মানুহ
সপোন হাতত লৈ,
হাটখনলৈ চাব নোৱাৰি
বিৰ দি বাট নোপোৱা গ্ৰাহকৰ হেতাওপৰা।