সম্পৰ্ক – বনজিত দাস

সম্পৰ্ক 

বনজিত দাস
ৰিহাবাৰী , বজালী  ।

ধুমুহাৰ বলত সৰাপাতে চকুলো টুকে
সৰি পৰা ভয়ত গছে জানো
পোখা নেমেলাকৈ থাকে
প্ৰেম এনেকুৱা
গতিৰেই প্ৰবল প্ৰাচীৰ গঢ়ে
ইটোৰ আনটোৰ গভীৰ সম্পৰ্ক পাতে
এজাক বৰষুণৰ বাবে ৰৈ থাকে
তাৰ সৈতে ধুমুহাতো আহে
উদুলি-মুদুলি কৰি পছোৱাই আনে
সহিব নোৱাৰা কষ্ট
মুচুৰি নিয়ে কাৰোবাৰ কলিজা
তথাপি দেখোন ভাল লাগে ।
এজাক বৰষুণৰ অপেক্ষা
আহিবও পাৰে বৰদৈচিলাৰ তাণ্ডৱ
তাতো দেখোন প্ৰেম নামে
ৰিঙিয়াই মাতে ৰঙালীৰ বাঁহীৰ সুৰ
প্ৰেমবোৰ তেনেকুৱাই
এটাৰ লগত আনটোৰ পৰিচয় ঘটে
বৰষুণৰ মৰমে কাৰোবাক আমনি কৰে
মৰমত উজান উঠে
বিধংসী বানপানীৰ কবলত জীয়াতু ভুগে
কাকনো নেৰাকৈ থাকে ?
থন ধৰি গছে-বনে পিন্ধাই প্ৰেমৰ ছবি
এয়াতু সেউজ হোৱাৰ সপোন
প্ৰেম এনেকুৱাই
নিজকে কন্দুৱাই আনক হহোঁৱাই ।