বহাগ
প্ৰবীণ কুমাৰ টায়ে
লালুক লক্ষীমপুৰ
কুলি কেতেকী বিননি
ৰবকে নোৱাৰি
আনন্দত মতলিয়া হ’ল
হাতত গামখাৰু
ডিঙিত জোনবেৰি
বিহুটিক আদৰিবলৈ
কান্দোন, উচুপনি বিহুটিক সুঁৱৰি,
কেতিয়াবা মিচিকিয়া হাঁহি।
কপৌফুল ফুলা দেখি গাত নাই তৰণি
দলনিত জঁপিয়াই গীতকে জুৰি।
পখিলাৰ দৰে উৰিব খোজে!
পাহাৰ বগাই,বগাই ,
কপৌফুল আনিদিম
নাহৰ তগৰ ডালভাঙি পাৰি দিম,
খোপাতে গুজি দিম তোমাক !!!
