স্বকীয় সংস্কৃতি
দুলুমণি দেৱী,মাকুম
অসমীয়াৰবুকুৰ আপোন চেনেহৰ ৰঙালী বিহুটিৰ আগমনত প্রকৃতিজগতৰ মাজতো ফুটি উঠে বর্ণিল বিচিত্র প্রতিচ্ছবি ৷বহাগ যেন কেৱল এটা ঋতু নহয় ই এক নতুন প্রভাত ,প্রকৃতিৰ নতুন পৰশ ৷ কিয়নো বহাগে আনে পত্রোল্লামৰ মিঠা সুৱাস, ৷ প্রকৃতিজগত নতুন সাজেৰে উজ্বলি উঠা যি মোহময় পৰিবেশ ,সেই পৰিবেশে সকলোকে স্পর্শ কৰি যায় ৷ বহাগ আহিলেই যেন গছ গছনিৰ মাজত উলাহৰ মাদল বাজে ,৷ ন’ কুহিপাতে আৱৰি ৰখা গছবোৰে হালি জালি অবুজ ভাষাৰে যি বার্তালাপ কৰে তাতে প্রকাশ পাই অনন্য এক মাদকতা , মানৱৰ মাজতো জাগে বিচিত্র ভাৱৰ বুৰবুৰণি৷ কুলি কেতেকীৰ মৌ মিঠা মাতে তেনে এটি পৰিবেশৰ মাজত সোণত সুৱগা চৰায় ৷তাৰ মাজতে ঢোলৰ গুমগুমনি,নাচনী ঢুলীয়াৰ অনুপম চাৱনি,বিহুত নতুন সাজোন কাচোনে প্রত্যেকঘৰ অসমীয়াৰ মাজত নিভাঁজ আত্মীক সম্পর্ক সুদৃঢ় কৰি তোলে ৷
বিহুৰ ঐতিহ্য তথা পৰম্পৰা অটুট ৰাখিবলৈ চেষ্টা কৰাটো আমাৰ প্রতিজন অসমীয়াৰ দায়িত্ব আৰু কর্তব্য৷বর্তমানৰ বিহু আৰু অতীতৰ বিহুৰ মাজত যদিও পার্থক্য আছে তথাপিও পৰম্পৰা এতিয়াও অটুট আছে আৰু থাকিব৷সময়ৰ গতিত বিহুত ব্যৱহৃত কিছুমান বস্ত ঠায়ে ঠায়ে পাবলৈ টান হৈছে ৷কিন্তু বিহুৰ সময়ত সেইখিনি যোগাৰ কৰিবলৈ প্রায়সংখ্যক অসমীয়াই চেষ্টা কৰে ৷ যেনে দীঘলটি মাখিয়তী গছৰ ব্যৱহাৰ ,মৰাপাট গছৰ পৰা পঘা তৈয়াৰ কৰা ইত্যাদি৷ গৰু বিহুৰ দিনা গৰুক এচাৰিডালৰ পৰিবর্তে দীঘলটি মাখিয়তীয়ে গৰুৰ গাত কোব দিয়ে যাতে ম’হ মাখিয়ে গৰুক আমনি দিব নোৱাৰে ৷ লগতে বিভিন্ন ৰোগৰ উপশম হ’ব পাৰে ৷ এই বনৰীয়া গছ দুবিধ দেখাত গুল্মজাতীয় ৷ বিহু পৰম্পৰা অটুট ৰখাত এই গছবিলাকৰ যথেষ্ট গুৰুত্ব আছে ৷ হাবি জংঘল কাটি গাঁওবোৰ চহৰমুখী হোৱাত এই গছবোৰ পাবলৈ টান হোৱাৰ দৰে হৈ পৰিছে ৷ ঠিক সেইদৰে মৰাপাট খেতিও আজিকালি দুই এঠাইতহে দেখিবলৈ পোৱা যায় ৷ আগতে এই মৰাপাট খেতি প্রায় মানুহৰ ঘৰতে কৰিছিল ৷ তাৰ পৰা বিহুৰ সময়ত গৰুক পঘা দিয়াৰ উপৰিও মৰাপাট গছৰ আগবোৰ খোৱা খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ ইয়াৰ বহুত ঔষধি গুণো আছে ৷
প্রাত্যাহিক ব্যস্ততাৰ মাজত বিহুৱে সংযোগ স্থাপন কৰি আহিছে৷
কৃষি ভিত্তিক উৎসৱ বিহু অসমৰ জাতি , বৰ্ণ , ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে উদ্ যাপন কৰি আহিছে ৷ ৰঙালী বিহুৰ আগমনৰ লগে লগে প্ৰকৃতি জগত ৰমক জমককৈ ন – সাজেৰে জিলিকি উঠে৷
“কুলি কেতেকীৰ মৌসনা মাত
সোণাৰুৰ হালধীয়া হাঁহি
গছ – বনত ন – কুঁহিপাতৰ ভুমুকি
এয়াই নহয় জানো বসন্তৰ আগজাননী “৷
অপূৰ্ব সৌন্দৰ্য প্ৰতিফলিত হয় প্ৰকৃতি জগতত৷ এক উখল – মাখল পৰিৱেশ৷ সেই পৰিৱেশে সকলোৰে মনত প্ৰদান কৰে এক অদম্য শক্তি৷ দৈনন্দিন কাম – কাজৰ মাজত বসন্তৰ আগমনে নতুনত্ব প্ৰদান কৰে৷ ধৰাৰ বুকুত মৌ বৰষা বসন্তই সিঁচি দিয়ে অনাবিল স্নেহ , হৃদয়ৰ অনুভৱবোৰ সাৰ পাই উঠে৷ ফুলৰ দৰে পাহি মেলে আশাবোৰে৷ অন্তৰত বৰ্ণৰে বুজাব নোৱাৰা মধুৰ অনুভৱে ক্ৰীড়া কৰে৷ হেঁপাহৰ দিক্ চৌ বাটত অযুত প্ৰতিশ্ৰুতি লৈ বুকুত বান্ধি ৰখা ডেকা – গাভৰুৰ সপোনবোৰো বাস্তৱায়িত হয়৷ ভাল পোৱাৰ সপ্ত সুৰ বাজি উঠে৷
মনত অজান পুলকে ক্রীড়া কৰে এক পাৰস্পৰিক সংযোগ ঘটে ভিন্ন জনৰ মাজত ৷ মৌন ওঁঠৰ হেঁচাত থমকি ৰোৱা শব্দবোৰো যেন সাৰ পাই উঠে৷ বসন্তৰ সুগন্ধি সুবাসৰ সমীৰণত বহু কঠোৰ অন্তৰো যেন কোমল হৈ পৰে৷ সৃষ্টিৰ পথাৰখনো জীপাল হৈ পৰে৷ শস্যৰ বীজ সিঁচিবলৈ পথাৰ জীপাল কৰি বৰষুণৰ আগমন ঘটে৷ আম,কঠালৰ ফুলৰ পাহিত মধু লোভী ভোমোৰাৰ মৃদু গুঞ্জনে চৌদিশ মুখৰিত কৰে৷ কি যে ব্যঞ্জনাময় দৃশ্য ৰাজি ৷ সগৰ্ভা প্ৰকৃতিৰ বুকুত অনাবিল প্ৰেম ভালপোৱা৷ এচেৰেঙা ৰঙা ৰ’দৰ আগমনত আবেগ মধুৰ সেউজীয়া বোৰ সজীৱ হৈ পৰে ৷মুঠতে উৎসৱ মুখী বহাগ মাহ ৷ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী ডাল সুদৃঢ় কৰি ৰাখে বিহুৱে৷ মুগাৰ সাজ যোৰ পিন্ধি , কপৌফুল খোপাত গুজি ওলাই আহে নাচনীজনী৷ ঢুলীয়া ককাই ঢোলৰ চেৱে চেৱে নাচি নাচি নাচনীৰ হিয়ামন উচাতন কৰে ,আনন্দৰ লহৰ উঠে ৷ অপৰূপ সৌন্দৰ্যৰ ৰূপ মাধুৰী প্ৰাণ কৰি মন আনন্দৰে ভৰি পৰে ৷ অসমীয়া জাতীয় জীৱনৰ প্ৰাণ স্পন্দন বহাগ বিহু লোক সংস্কৃতিৰ দাপোন ৷ আমাৰ অসমীয়া সমাজ জীৱনৰ ৰীতি – নীতি, আচাৰ – ব্যৱহাৰ ইয়াৰ লগত জড়িত ৷ কিন্তু প্ৰশ্ন হয় ,আজি আমাৰ বিহুত পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ পৰি কোন দিশে গতি কৰিব ধৰিছে ৷ সম্প্ৰীতিৰ এনাজৰী ডাল ভৱিষ্যতে অটুত থাকিবনে ? পৰিৱৰ্তন আমাক লাগে ,কিন্তু সেই পৰিৱৰ্তনৰ লগত স্বকীয়তা বজাই ৰখাও প্ৰয়োজন আহি পৰিছে ৷ আধুনিকতাৰ পৰশ পৰি স্বকীয় সংস্কৃতি আৰু ৰূপ ৰসত যাতে প্ৰভাৱ নপৰে , তাৰ প্ৰতি লক্ষ্য ৰখাতো প্ৰতিজন অসমীয়াৰ কৰ্তব্য ৷ পৰম্পৰাগত বিহু নামবোৰ শুনিলেই পুলকিত হওঁ ৷ বিহুৰ প্ৰাণ শক্তিয়ে অন্তৰ আত্মাক জগাই তোলে জাতিটোক ৷ যি কি নহওঁক , ৰঙালী বিহুৰ বৰ্ণাঢ্য ৰূপৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি ৷ ধৰাৰ বুকু জিলিকি থাকে বসন্ত কালতে ৷
