সময়ৰ সোঁৱৰণিৰ অপৰাজেয় ব্যক্তিত্ব – প্ৰস্তুতি শৰ্মা

Pc Vecteezy

সময়ৰ সোঁৱৰণিৰ অপৰাজেয় ব্যক্তিত্ব

প্ৰস্তুতি শৰ্মা
মিছামৰা , তেলীয়া সোণাৰী, গোলাঘাট

মৃত্যুৱে যাক অভিনন্দন জনাই সেই মৃত্যু অপৰাজেয়।

আজি লিখিবলৈ লৈছো বৃহত্তৰ তেলীয়া সোণাৰী গাঁৱৰ এগৰাকী সৰবৰহী সামাজিক ক্ষেত্ৰত জড়িত থকা শ্ৰদ্ধাৰ নিকুঞ্জলতা দেৱী (কুঞ্জ জেঠাইৰ ) বিষয়ে । যি আমাৰ মাজৰ পৰা হেৰাই গৈছে যদিও তেওঁ এতিয়া আমাৰ হৃদয়ত জী থাকিব সদায়।

জেঠাইক সৰুৰে পৰাই লগ পাইছিলোঁ, বিভিন্ন বিষয়ৰ কথা পাতিছিলোঁ। বিশেষকৈ জেঠাইৰ লগত মোৰ সম্পৰ্ক আছিল বন্ধুত্বসুলভ। এতিয়া এই সময়বোৰ দুঃসময় হৈ ৰৈ যাব স্মৃতিৰ পাতত আলোড়িত হৈ । বিচ্ছেদৰ অবিহনে জীৱন পৰিক্ৰমা পূৰ্ণ নহয়। তথাপিও এই বিচ্ছেদ বেদনাদায়ক।বৰ অসহনীয়।

সহজ সৰল, নিৰ্জু আৰু নিৰহঙ্কাৰী জেঠাই আছিল আমাৰ সকলোৰে বাবে প্ৰেৰণাদায়ীনী নাৰী । তেখেতৰ ব্যক্তিত্ব জনমানসত উজ্বল হৈ ৰওক। উত্তৰ পুৰুষৰ বাবে তেখেত যেন আদৰ্শ হৈ ৰওক। মই ভাবো সমাজত এনে নাৰীৰ প্ৰয়োজন যি সমাজৰ হিতৰ বাবে এক ভোটাতৰা স্বৰূপ ।