জীৱনটো কেলেণ্ডাৰৰ পাত নহয়
নিবেদিতা হাজৰিকা
লখিমপুৰ
জীৱনটো কেৱল সময় পাৰ হৈ যোৱা বা বয়স বৃদ্ধি পোৱাৰ কোনো যান্ত্ৰিক হিচাপ নহয়। ইয়াৰ বিপৰীতে জীৱন হৈছে সুখ-দুখ,হাঁহি -কান্দোন আশা-নিৰাশা,প্ৰেম -যন্ত্ৰণা,উত্থান – পতন তথা পোৱা- নোপোৱাৰ এক জটিল আৰু গতিশীল যাত্ৰা।কেলেণ্ডাৰ হৈছে সমযয় হিচাপ ৰখা এক আহিলা।
কেলেণ্ডাৰৰ পাত সৰিলে বয়স কমে, কিন্তু জীৱনটো সাৰ্থক হয় প্ৰতিটো মুহুৰ্তক অনুভৱ কৰিবলৈ শিকাৰ লগতে তথা ইয়াৰ মূল্য বুজি জীয়াই থাকিব শিকিলে। আমাৰ জীৱনটো কেলেণ্ডাৰৰ নম্বৰ নহয়, ই হ’ল আমাৰ কৰ্ম ,অনুভৱ তথা অভিজ্ঞতাৰ এক সুন্দৰ সমাহাৰ।কেলেণ্ডাৰে কেৱল সময়ৰ জোখ লয়,সময়ৰ হিচাপ ৰাখে।কিন্তু এজন ব্যক্তিৰ জীৱনৰ অৰ্থ আৰু গুণমান নিৰ্ধাৰণ হয় বা নিৰ্ধাৰণ কৰে ব্যক্তিজনৰ কৰ্ম আৰু চিন্তাধাৰাই।সেয়ে জীৱনটোক কেৱল কেলেণ্ডাৰৰ পাতৰ দৰে গননা নকৰি বা তুলনা নকৰি প্ৰতিটো মুহুৰ্তক অনুভৱ আৰু সৎ কৰ্মৰে উজ্জ্বলাই তোলাৰ প্ৰয়াসেই হ’ল প্ৰকৃত জীৱন। বয়স বাঢ়িলেও , কেলেণ্ডাৰৰ পাত সৰিলেও জীৱনটো সজাই ল’ব পৰাটোহে আচল কথা।জীৱনটো আমি কি দৰে উপভোগ কৰো বা স্মৃতি গঢ়ি তোলো সেইটোৱেই হৈছে জীৱনৰ মূল্যাংকণ, প্ৰকৃত জীৱন।জীৱন চিৰস্থায়ী নহয় ,জীৱন খন্তেকীয়া ।জীৱন ক্ষণভঙ্গুৰ। জীৱন কাৰো বাবে ৰৈ নাথাকে।সি তাৰ নিজৰ গতিৰে আগুৱাই গৈ থাকিব।সেয়েহে, জীৱনটো সুন্দৰ ভাবে যাপন কৰি আগুৱাই লৈ যোৱাটোহে আমাৰ প্ৰথম প্ৰয়াস হোৱা উচিত।সুস্থ চিন্তা আৰু সৎ কৰ্মৰ মাজেৰে সকলোৰে লগত সহৱস্থান কৰি আনৰ বাবেও অলপমান চিন্তা তথা সহায়ৰ হাত আগবঢ়াই দৈনন্দিন জীৱনৰ মাজে-মাজে ,কৰ্ম ব্যস্ততাৰ ফাঁকে -ফাঁকে আত্মসন্তুষ্টি লাভ কৰাটোৱেই হ’ল জীৱন যাপনৰ সৰল মন্ত্ৰ।ব্যক্তিৰ কৰ্ম ,চিন্তা আৰু মানসিকতাইহে জীৱনটো নিৰ্ধাৰণ কৰে,কেলেণ্ডাৰৰ পাতে নহয়। আমি মনত ৰখা উচিত যে, বয়স বাঢ়িলেই মানুহ বুঢ়া নহয় বা জীৱনৰ অৰ্থ হেৰাই নাযায়।প্ৰৱল ইচ্ছা শক্তি আৰু ইতিবাচক দৃষ্টিভংগী থাকিলে যিকোনো বয়সতে নতুন লক্ষ্য প্ৰাপ্ত কৰিব পাৰি।বয়স কোনো বাধা নহয়।বৰঞ্চ মানসিক অৱস্থাহে আচল কথা।জীৱনটো কেলেণ্ডাৰৰ পাতৰ তাৰিখ বা বয়সৰ সংখ্যাৰ জোখ নহয়,বৰঞ্চ প্ৰতিটো মুহুৰ্ত অৰ্থপূৰ্ণ ভাবে জীয়াই থকাটোহে প্ৰকৃত জীৱন। বয়সক কাবু কৰিব পৰাটোহে বিশেষ ।কেলেণ্ডাৰে নিৰ্ধাৰণ কৰি দিয়া বয়সক প্ৰতিহত কৰি জীৱনৰ সোৱাদ লোৱাটোহে আমাৰ উদ্দেশ্য হোৱা উচিত। জীৱনটো বৰ অনুপম। সেয়ে বয়সক হাতৰ মুঠিত ৰাখি আমৃত্যু পৰ্যন্ত আমি জীৱনটো উদ্যাপন কৰিবলৈ চেষ্টা কৰা উচিত ।
