এজন দুখীয়া ৰোগীৰ আত্মাৰ কান্দোন – প্ৰাণজিৎ মজুমদাৰ

Pc PatientsEngage

এজন দুখীয়া ৰোগীৰ আত্মাৰ কান্দোন

প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা, ছয়গাঁও

মানুহৰ জীৱন অতি মূল্যৱান। কিন্তু সমাজত এনে বহু লোক আছে যিসকল দৰিদ্ৰতাৰ বাবে নিজৰ জীৱনটোকো বচাব নোৱাৰে। ধন-সম্পত্তিৰ অভাৱত বহু ৰোগীয়ে সময়মতে চিকিৎসা নাপায় আৰু নীৰৱে মৃত্যুৰ ফালে আগবাঢ়ি যায়। এজন দুখীয়া ৰোগীৰ হৃদয়ৰ কান্দোন সমাজৰ বাবে এক কৰুণ সত্য।

এজন দুখীয়া ৰোগী ৰোগশয্যাত পৰি থাকিলে তেওঁৰ মনত নানা চিন্তাই ভিৰ কৰে। দেহৰ যন্ত্ৰণাতকৈও অধিক কষ্টদায়ক হয় দৰিদ্ৰতা। ডাক্তৰে ঔষধ লিখি দিয়ে, কিন্তু সেই ঔষধ কিনিবলৈ টকা নাথাকে। চিকিৎসালয়ৰ বেডত শুই তেওঁ ভাবি থাকে— “মই গৰিব বুলি নেকি মোৰ জীৱনৰ কোনো মূল্য নাই?” এই প্রশ্নই তেওঁৰ অন্তৰখন ভাঙি পেলায়।

দুখীয়া ৰোগীৰ পৰিয়ালৰ অৱস্থাও অতি শোচনীয়। ঘৰৰ মানুহে টকা যোগাৰ কৰিবলৈ দৌৰি ফুৰে। কোনোবাই ঋণ লয়, কোনোবাই গৃহস্থালীৰ সামগ্ৰী বিক্ৰী কৰে। তথাপিও বহু সময়ত চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব নোৱাৰে। ৰোগীয়ে নিজৰ কষ্টতকৈও অধিক কষ্ট অনুভৱ কৰে পৰিয়ালৰ দুখ দেখি। তেওঁ ভাবে— “মোৰ বাবে মোৰ আপোন মানুহবোৰ ইমান কষ্ট পাইছে।”

সমাজত ধনী-দুখীয়াৰ বৈষম্য এতিয়াও গভীৰ। ধনী মানুহে উন্নত চিকিৎসা সহজে লাভ কৰে, কিন্তু গৰিবজন চিকিৎসালয়ৰ দুৱাৰতে অসহায় হৈ ৰৈ যায়। এই অৱস্থা এখন সভ্য সমাজৰ বাবে লজ্জাজনক। মানৱতা যদি সচাঁয় জীয়াই থাকে, তেন্তে প্ৰতিজন ৰোগীয়ে সমান অধিকাৰে চিকিৎসা লাভ কৰা উচিত।

এজন দুখীয়া ৰোগীৰ আত্মাৰ কান্দোন কেৱল তেওঁৰ ব্যক্তিগত বেদনা নহয়; ই সমগ্ৰ সমাজৰ বিবেকক জগাই তোলা এক আৰ্তনাদ। সমাজৰ সামৰ্থ্যবান লোক, চৰকাৰ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে আগবাঢ়ি আহি এনে লোকসকলক সহায় কৰা উচিত। সামান্য সহায়ো কেতিয়াবা এজন অসহায় ৰোগীৰ জীৱনত নতুন আশাৰ পোহৰ আনিব পাৰে।

সেয়েহে, আমি সকলোয়ে দুখীয়া ৰোগীৰ দুখ-বেদনা বুজি মানৱতাৰ হাত আগবঢ়াব লাগে। কাৰণ মানৱ সেৱাই হৈছে সৰ্বোত্তম ।