ব্ৰহ্মপুত্ৰ খান্দিবলৈ আহি আছে ড্ৰেজাৰঃ মন্ত্ৰী পীযুষ হাজৰিকা

pc-Pratidin Times

ব্ৰহ্মপুত্ৰ খান্দিবলৈ আহি আছে ড্ৰেজাৰঃ মন্ত্ৰী পীযুষ হাজৰিকা

অনলাইন বাৰ্ত্তাসেৱা– অসম বিধানসভাত বৰ্তমানৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সদৰী কৰে যে বিগত চৰকাৰৰ দিনত জলসম্পদ বিভাগৰ মন্ত্ৰী হৈ থকা কেশৱ মহন্তই ড্ৰেজাৰ এখন ‘অৰ্ডাৰ’ দিছিল। ড্ৰেজাৰখন সেই অনুসৰি মুম্বাইৰ বন্দৰ পাইছে। ব্ৰহ্মপুত্ৰ খননৰ বাবে ড্ৰেজাৰখন ৰাজ্যলৈ আহি আছে। বিধানসভাৰ বাজেট অধিৱেশনত মৌখিক প্ৰশ্মোত্তৰ কালত এআইইউিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সন্দৰ্ভত সোধা কেইটামান প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই প্ৰসংগক্ৰমে উক্ত তথ্য সদৰী কৰে। তেওঁ কয় যে ড্ৰেজাৰখন অক্টোবৰ মাহত অসম পাবহি। এঘণ্টাত ৪০খন ডাম্পাৰেৰে যিমান মাটি কঢ়িয়াব পাৰি সিমান মাটি এঘ্ণ্টাত ড্ৰেজাৰখনেৰে খান্দিব পাৰি। ব্ৰহ্মপুত্ৰৰ খননৰ লগতে তাৰ মাটি-বালি বেলেগ বেলেগকৈ পেলোৱাৰ সুবিধা ড্ৰেজাৰখনত আছে। মন্ত্ৰী গৰাকীয়ে ড্ৰেজাৰখনৰ বাবে পূৰ্বৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তকো ধন্যবাদ জনায়।

 

(R.T)