ঐতিহাসিক ধোদৰআলি চাৰিলেন যুক্ত পথলৈ উন্নীতকৰণ

ঐতিহাসিক ধোদৰআলি চাৰিলেন যুক্ত পথলৈ উন্নীতকৰণ

বাৰ্ত্তাসেৱা– গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈ থকা ৰাজ্যৰ আটাইতকৈ দীঘল ৰাজ্যিক পথটো চাৰিলেনযুক্ত পথলৈ উন্নীত হ’ব বুলি সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই জানিবলৈ দিয়ে । অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই পথটো গোলাঘাট ,যোৰহাট , শিৱসাগৰ, চৰাইদেও আৰু ডিব্ৰুগড় পাঁচখন জিলাৰ মাজেদি গৈছে ।উল্লেখযোগ্য যে ৩৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথটো গোলাঘাট জিলাৰ পশ্চিম দিশেৰে গৈছে যদিও গোলাঘাট নগৰখন চুই যোৱা নাছিল । এতিয়া ঘোষণা হোৱা ৩৭ নম্বৰ সংযোগী এই পথটোৱে প্ৰত্যক্ষভাবে গোলাঘাট নগৰখনৰ লগতে অন্যান্য জিলাকেইখনৰো উন্নতি সাধন কৰিব । জিলাখনৰ অন্য এটা গুৰুত্বপূৰ্ণ পথ গোলাঘাট দেৰগাঁও (পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ) পথচোৱাও বহলকৈ ৰ্নিমান হ’ব বুলি আজি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ।গোলাঘাত জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে এই বছৰৰে জানুৱাৰী মাহতে জিলা উপযুক্ত বিভাষ চন্দ্ৰ মোদীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল । সেই পত্ৰৰ আধাৰতে উক্ত পথটো চাৰিলেন যুক্ত পথলৈ সম্প্ৰসাৰণ হোৱাৰ ঘোষণাত অপূৰ্ব বল্লভ গোস্বামীয়ে আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে। By Mringanko Baruah