কবি নীলমণি ফুকনলৈ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা প্ৰদান

Pc NEZINE

 কবি নীলমণি ফুকনলৈ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ভাষা, সাহিত্য-সংস্কৃতিক নিজৰ জীৱনৰেখা বুলি অনুভৱ কৰা সেইগৰাকী মহান কবিয়েই অসমীয়া সাহিত্যক পুনৰ এবাৰ লৈ গ’ল উচ্চ শিখৰলৈ৷‘সূৰ্য্য হেনো নামি আহে এই নদীয়েদি’ নামৰ কবিতা পুথিৰ পৰা আৰম্ভ কৰি ‘নৃত্যৰতা পৃথিৱী লৈকে এখনৰ পিছত আন এখন কাব্য গ্রন্থৰে অসমীয়া ভাষা-সাহিত্যক অনন্য মাত্রা প্ৰদান কৰা এইগৰাকী বিশিষ্ট কবি নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছে দেশৰ সাহিত্য জগতৰ সৰ্বোচ্চ সম্মান জ্ঞানপীঠ বঁটা। ভাৰতীয় জ্ঞানপীঠে ৫৬সংখ্যক জ্ঞানপীঠ সন্মান নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্য জগতক চহকী কৰা অৱদানৰ জীৱনজোৰা স্বীকৃতিস্বৰূপে এই গৰাকী বিশিষ্ট কবিলৈ আগবঢ়াইছে। ভাৰতীয় জ্ঞানপীঠে ২০২০ আৰু ২০২১ বৰ্ষৰ বাবে জ্ঞানপীঠ বঁটা ঘোষণা কৰিছিল৷ এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হয় আনন্দমুখৰ পৰিৱেশ।বিশিষ্ট কবি নীলমণি ফুকনে এই খবৰ লাভ কৰিও পূৰ্বৰ দৰে আনন্দ প্ৰকাশ কৰিব নোৱাৰিলে। বার্ধক্যজনিত কাৰণত সম্প্ৰতি যথেষ্ট অসুস্থ ফুকন শয্যাশায়ী হৈ আছে।তেওঁৰ পৰিয়ালে তেওঁক এই খবৰ অৱগত কৰাৰ লগে লগে যথেষ্ট আনন্দ অনুভৱ কৰা বুলি প্ৰকাশ কৰিছে বিশিষ্ট সাহিত্যিক কাব্যঋষি নীলমণি ফুকনে। ১৯৬৩ চনত তেওঁৰ প্ৰথমখন কবিতা সংকলন ‘সূৰ্য্য হেনো নামি আহে এই নদীয়েদি’ প্ৰকাশ পায়।১৯৬৫ চনত প্ৰকাশ পায় তেওঁৰ আন এখন কাব্যগ্ৰন্থ ‘নিৰ্জনতাৰ শব্দ’। তেওঁৰ অন্যান্য কাব্যগ্রন্থসমূহৰ ভিতৰত অন্যতম হৈছে— ‘আৰু কি নৈঃশব্দ্য’ (১৯৬৮), ‘জাপানী কবিতা’ (১৯৭১) ‘ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে’ (১৯৭৩), ‘কাঁইট, গোলাপ আৰু কাঁইট’ (১৯৭৫), ‘গোলাপী জামুৰ পা লগ্ন’ (১৯৭৭), ‘কবিতা’ (১৯৮১), ‘নৃত্যৰতা পৃথিৱী’ (১৯৮৫), ‘সাগৰতলীৰ শঙ্খ’ (১৯৯৪), অলপ আগতে  আমি কি কথা পাতি আছিলোঁ (২০০৩) আৰু সম্পূৰ্ণ কবিতা (২০০৬)। তদুপৰি জাপানী কবিতা, গার্থিয়া লৰকাৰ কবিতা, অৰণ্যৰ গান, চীনা কবিতা আৰু অনুসৃষ্টি হৈছে তেওঁৰ অনুবাদ গ্রন্থ। ১৯৭৭ চনত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ‘কুৰি শতিকাৰ অসমীয়া কবিতা’ শীর্ষক গ্রন্থও সম্পাদনা কৰিছিল কবি নীলমণি ফুকনে। আনহাতে লোককল্পদৃষ্টি; ৰূপ বর্ণ বাক; শিল্পকলা দর্শন; বিচিত্র লেখা, বনফুল; অন্বেষা তেওঁৰ প্ৰবন্ধ সংকলন। ‘পাতি সোণাৰুৰ ফুল’ আৰু ‘পাহৰিব নোৱাৰিলোঁ যি’ তেওঁৰ আত্মজীৱনী। অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা এই বিশেষ অৱদানৰ বাবে তেওঁক কেইবাটাও উল্লেখযোগ্য সন্মানেৰে সন্মানিত কৰা হৈছে। ১৯৭২ চনত অসম সাহিত্য সভাই প্ৰদান কৰিছিল ৰঘুনাথ চৌধাৰী বঁটা। ‘কাঁইট, গোলাপ আৰু কাঁইট’ নামৰ কবিতা সংকলনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা প্ৰদান কৰা হৈছিল কবি নীলমণি ফুকনক। ১৯৮১ চনত ‘কবিতা’ নামৰ কাব্য সংকলনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ১৯৮২ চনত যুগোশ্লাভিয়াত অনুষ্ঠিত ষ্টুগা কবিতা গধূলিত’ একমাত্ৰ ভাৰতীয় প্রতিনিধি হিচাপে তেওঁ অংশগ্ৰহণ কৰিছিল। ১৯৮৮ চনত ‘লোককল্পদৃষ্টি’ নামৰ গ্ৰন্থখনৰ বাবে কবি নীলমণি ফুকনক প্ৰদান কৰা হৈছিল জগদ্ধাত্রী হৰমোহন বঁটা। তদুপৰি ১৯৯০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী উপাধি প্ৰদান কৰে। একেদৰে জীৱনজোৰা সাহিত্য সাধনাৰ বাবে কমল কুমাৰী ফাউণ্ডেচনৰ কমল কুমাৰী জাতীয় বঁটা, ‘নৃত্যৰতা পৃথিৱী’ৰ বাবে অসম সাহিত্য সঙাৰ ছগনলাল জৈন বঁটা, মেগৰ শিক্ষা ন্যাসৰ অসম উপত্যকা বঁটা তোএঁ লাভ কৰিবলৈ সক্ষম হৈছিল। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰি প্ৰতিগৰাকী সাহিত্যপ্ৰেমীলৈ অভিনন্দন জনাইছে।