দীপৰ বিল সংৰক্ষণৰ দাবী ৰাইজৰ প্ৰতিবাদ

Pc www.self.com

দীপৰ বিল সংৰক্ষণৰ দাবী ৰাইজৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰে’ল বিভাগৰ হঠকাৰী কামে দীপৰ বিলৰ দাঁতিকাষৰীয়া একাংশ লোকে দীপৰ বিল সংৰক্ষণৰ দাবীত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।দীপৰ বিল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ জৈৱ- বৈচিত্র্য ধ্বংসৰ কাৰক হিচাপে বিবেচিত কামাখ্যা-আজাৰা সংযোগী ৰে’লপথত আকৌ বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰিছিল। এই কথা গম পাই বিলৰ দাঁতিকাষৰীয়া একাংশ লোক ওলাই আহে। পিছত এই বিষয়ে অৱগত হৈ বন বিভাগৰ এটি দল উপস্থিত হৈ কাম বন্ধ কৰি দিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও এবাৰ ইয়াক লৈ বন বিভাগ আৰু ৰে’ল বিভাগৰ মাজত মতানৈক্য হৈছিল। যেতিয়ালৈকে বন্যহস্তীকে ধৰি অন্য জীৱ-জন্তু সুৰক্ষাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৰে’ল বিভাগৰ এনে কাৰ্য বন্ধ ৰাখিবলৈ স্থানীয় সচেতন জনসাধৰণে দাবী জনাইছে।