অসমীয়া লিপিৰ বাবে বিশেষজ্ঞ সমিতি গঠন 

Pc time8 assam news

অসমীয়া লিপিৰ বাবে বিশেষজ্ঞ সমিতি গঠন 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ এক অধিসূচনাযােগে জানিবলৈ দিয়ে যে,অসমীয়া লিপিৰ বাবে পৃথক কোড তালিকা (কোড চার্ট) প্রস্তুতৰ বাবে ৰাজ্য চৰকাৰে এখন ১৪ জনীয়া সমিতি গঠন কৰিছে। বিশেষজ্ঞ সমিতিখনৰ সভাপতিৰ আসনত থাকিব ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী আৰু উপসভাপতি হিচাপে থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব। সদস্যসমূহ ক্রমে-অসম সাহিত্য সভাৰ সভাপতি, তথ্য-প্রযুক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব, উচ্চ শিক্ষা বিভাগৰ প্রধান সচিব, এমট্রনৰ মেনেজিং ডাইৰেক্টৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য-প্রযুক্তি বিভাগৰ ড° শিখৰ কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড° উপেন ৰাভা হাকাচাম, অসমীয়া ইউনিক’ডৰ চার্জন আৰু এক্টিভিষ্ট ডাঃ সত্যকাম ফুকন, আনন্দৰাম বৰুৱা ভাষা, শিল্প আৰু সাংস্কৃতিক প্রতিষ্ঠান সঞ্চালক ড° দিলীপ কুমাৰ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব বিভাগৰ জ্যোতি প্রকাশ তামুলী, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক আৰু এন আই চিৰ ৰাজ্যিক তথ্য বিষয়। আনহাতে সমিতিখনত সাংস্কৃতিক পৰিক্রমা বিভাগৰ সঞ্চালক সদস্য সচিব হিচাপে থাকিব। উল্লেখযােগ্য যে, এই সমিতিখনে অসমীয়া লিপি বিকাশ সম্পর্কীয় অন্যান্য কাৰিকৰী বিষয় আৰু অসমীয়া ভাষাক ধ্রুপদী ভাষা ৰূপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰতাে পৰামর্শদাতা হিচাপে ভূমিকা পালন কৰিব।