শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা  – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc The Times of India

শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা 

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা   তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

বৰ্তমান যুগত কেৱল পাঠ্যপুথিৰ জ্ঞানেই এজন শিক্ষাৰ্থীৰ সফল কেৰিয়াৰ গঠনৰ বাবে যথেষ্ট নহয়। আধুনিক প্ৰতিযোগিতামূলক সমাজত সফল হ’বলৈ হ’লে ব্যক্তিত্ব, যোগাযোগ দক্ষতা, নেতৃত্বৰ গুণ, সামাজিক দায়িত্ববোধ, আত্মবিশ্বাস ,নৈতিক মূল্যবোধ আদিৰো সমান গুৰুত্ব আছে। এই ক্ষেত্ৰত সামাজিক অনুষ্ঠানসমূহে শিক্ষাৰ্থীসকলৰ জীৱনত এক অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। বিদ্যালয়, মহাবিদ্যালয়, স্বেচ্ছাসেৱী সংগঠন, সাহিত্য সভা, ক্ৰীড়া সংস্থা, সাংস্কৃতিক মঞ্চ, যুব সংগঠন, এন.এছ.এছ., স্কাউট-গাইড, ৰেড ক্রছ আদি অনুষ্ঠানসমূহে শিক্ষাৰ্থীৰ সামগ্রিক বিকাশত বিশেষ সহায় আগবঢ়ায়।

সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিলে শিক্ষাৰ্থীসকলে দলগতভাৱে কাম কৰাৰ অভ্যাস গঢ়ি তোলে। যিকোনো অনুষ্ঠান সফলভাৱে সম্পন্ন কৰিবলৈ একতা, সহযোগিতা, সময় ব্যৱস্থাপনা ,  নেতৃত্ব আদি গুণৰ প্ৰয়োজন হয়। এই অভিজ্ঞতাই শিক্ষাৰ্থীক ভবিষ্যতৰ কৰ্মক্ষেত্ৰৰ বাবে প্রস্তুত কৰে। বৰ্তমান সময়ত বহু কোম্পানী আৰু সংস্থাই কেৱল শিক্ষাগত যোগ্যতা নহয়, শিক্ষাৰ্থীৰ ব্যক্তিত্ব, যোগাযোগ ক্ষমতা ,  দলীয়ভাৱে কাম কৰাৰ দক্ষতা আদিকো বিশেষ গুৰুত্ব দিয়ে। সেইদৃষ্টিকোণৰ পৰা সামাজিক অনুষ্ঠানসমূহ শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনৰ এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ।

সামাজিক অনুষ্ঠানসমূহে শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰাতো উল্লেখযোগ্য ভূমিকা পালন কৰে। বিভিন্ন বক্তৃতা প্রতিযোগিতা, কুইজ, বিজ্ঞান প্ৰদৰ্শনী, নাট্য অনুষ্ঠান, সংগীত, নৃত্য, খেল-ধেমালি আদি কাৰ্যসূচীত অংশ লৈ শিক্ষাৰ্থীয়ে নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ সুযোগ লাভ কৰে। বহু শিক্ষাৰ্থী পঢ়াশুনাত ভাল হ’লেও মঞ্চত কথা ক’বলৈ বা নিজৰ মতামত প্ৰকাশ কৰিবলৈ সংকোচ অনুভৱ কৰে। সামাজিক মঞ্চত নিয়মীয়া অংশগ্ৰহণে এই সংকোচ দূৰ কৰি তেওঁলোকক অধিক আত্মবিশ্বাসী কৰি তোলে। এই আত্মবিশ্বাসেই ভৱিষ্যতে চাকৰিৰ সাক্ষাৎকাৰ, গোটীয় আলোচনা, উপস্থাপনা বা নেতৃত্বমূলক দায়িত্ব আদি পালন কৰাত সহায় কৰে।

আনহাতে, সামাজিক অনুষ্ঠানসমূহে শিক্ষাৰ্থীসকলৰ মাজত নৈতিক মূল্যবোধ আৰু সামাজিক দায়িত্ববোধ গঢ়ি তোলে। সমাজ সেৱামূলক কাৰ্যসূচী, পৰিৱেশ সজাগতা অভিযান, স্বাস্থ্য শিবিৰ, বৃক্ষৰোপণ, ৰক্তদান শিবিৰ আদি কাৰ্যত অংশগ্ৰহণৰ জৰিয়তে শিক্ষাৰ্থীয়ে সমাজৰ সমস্যা বুজিবলৈ শিকে আৰু সমাজৰ প্রতি দায়িত্বশীল মনোভাব গঢ়ি তোলে। এজন সৎ, দায়িত্বশীল আৰু সমাজসচেতন ব্যক্তি যিকোনো ক্ষেত্ৰতে অধিক সফল হ’ব পাৰে। কেৰিয়াৰ মানে কেৱল চাকৰি লাভ কৰা নহয়; সমাজৰ উন্নয়নত ইতিবাচক অৱদান আগবঢ়োৱাও এক সফল জীৱনৰ লক্ষণ।

বৰ্তমান সময়ত বহু শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত বা উচ্চতৰ মাধ্যমিকৰ পাছত কোন শাখা বা পাঠ্যক্রম বাছি ল’ব, সেই বিষয়ে বিভ্ৰান্তিত পৰে। এই ক্ষেত্ৰত সামাজিক অনুষ্ঠানসমূহে কেৰিয়াৰ সজাগতা শিবিৰ, কাউন্সেলিং অধিৱেশন, কৰ্মশালা , বিশেষ বক্তৃতা অনুষ্ঠান আদি আয়োজন কৰি শিক্ষাৰ্থীসকলক সঠিক তথ্য প্ৰদান কৰিব পাৰে। বহু ক্ষেত্ৰত দেখা যায় যে শিক্ষাৰ্থীয়ে কেৱল সমাজৰ ধাৰণা বা আনৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি বিষয় নিৰ্বাচন কৰে, যাৰ ফলত পিছত হতাশা বা অসুবিধাৰ সৃষ্টি হয়। যদি শিক্ষানুষ্ঠান বা সামাজিক সংগঠনসমূহে নিয়মীয়াকৈ কেৰিয়াৰ পৰামৰ্শমূলক অনুষ্ঠান আয়োজন কৰে, তেন্তে শিক্ষাৰ্থীয়ে নিজৰ আগ্ৰহ, দক্ষতা আৰু ব্যক্তিত্ব অনুসৰি সঠিক সিদ্ধান্ত ল’ব পাৰিব।

শিক্ষাৰ্থীয়ে নিজৰ ব্যক্তিত্ব আৰু আগ্ৰহ বুজি কেৰিয়াৰ নিৰ্বাচন কৰাটো অতি প্ৰয়োজনীয়। কিছুমান শিক্ষাৰ্থী প্রযুক্তিমুখী বিষয়ত আগ্ৰহী, কিছুমান সাহিত্য বা সমাজবিজ্ঞানত, আনহাতে কিছুমান সৃজনশীল কলা বা ব্যৱসায়িক ক্ষেত্ৰত দক্ষ। সামাজিক অনুষ্ঠানসমূহে বিভিন্ন ক্ষেত্ৰৰ সফল ব্যক্তিসকলৰ সৈতে শিক্ষাৰ্থীৰ মত বিনিময়ৰ সুযোগ সৃষ্টি কৰে। ইয়াৰ ফলত তেওঁলোকে বিভিন্ন পেচা আৰু শিক্ষাৰ ক্ষেত্ৰসমূহৰ বিষয়ে বাস্তৱ অভিজ্ঞতা লাভ কৰে। উদাহৰণস্বৰূপে, বিজ্ঞান মেলা, উদ্যোগিতা উন্নয়ন শিবিৰ, আই.টি. কৰ্মশালা, কৃষি বা স্বাস্থ্য সচেতনতা শিবিৰ আদি শিক্ষাৰ্থীৰ আগ্ৰহ বিকাশত সহায়ক।

আজিৰ যুগত তথ্য-প্ৰযুক্তিৰ বিকাশে কেৰিয়াৰৰ ক্ষেত্ৰ বহুগুণে বিস্তৃত কৰিছে। কেৱল চিকিৎসক, অভিযন্তা বা শিক্ষক হোৱাই কেৰিয়াৰৰ একমাত্ৰ পথ নহয়। বৰ্তমান সময়ত তথ্য-প্ৰযুক্তি, ডিজিটেল মাৰ্কেটিং, এনিমেচন, ডাটা ছায়েন্স, পৰিৱেশ বিজ্ঞান, ফেশ্বন ডিজাইন, সাংবাদিকতা, পর্যটন, ক্রীড়া ব্যৱস্থাপনা, সামাজিক কৰ্ম, উদ্যোগিতা, ই-কমাৰ্চ আদি বহু নতুন ক্ষেত্ৰত কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। সামাজিক অনুষ্ঠানসমূহে যদি এই নতুন ক্ষেত্ৰসমূহৰ ওপৰত সচেতনতামূলক আলোচনা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰে, তেন্তে শিক্ষাৰ্থীসকলে অধিক বিস্তৃত দৃষ্টিভংগী লাভ কৰিব।

সামাজিক অনুষ্ঠানসমূহে শিক্ষাৰ্থীক নেতৃত্বৰ গুণ বিকাশ কৰাতো সহায় কৰে। এজন অনুষ্ঠানৰ সম্পাদক, সভাপতি বা স্বেচ্ছাসেৱক হিচাপে কাম কৰিলে দায়িত্ববোধ, সিদ্ধান্ত গ্রহণ ক্ষমতা আৰু সমস্যা সমাধানৰ দক্ষতা বৃদ্ধি পায়। ভবিষ্যতে কৰ্মক্ষেত্ৰত এই গুণসমূহ অতি প্ৰয়োজনীয়। বহু সফল প্রশাসনিক বিষয়া, শিক্ষক, উদ্যোক্তা বা ৰাজনীতিবিদে শিক্ষাজীৱনত সামাজিক আৰু সাংস্কৃতিক কাৰ্যকলাপত সক্রিয় অংশগ্ৰহণ কৰিছিল।

আজিৰ সময়ত অভিভাৱক আৰু শিক্ষকৰ ভূমিকাও সমান গুৰুত্বপূর্ণ। বহু ক্ষেত্ৰত অভিভাৱকে নিজৰ ইচ্ছা শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়ে। কিন্তু শিক্ষাৰ্থীৰ আগ্ৰহ আৰু ক্ষমতা বিবেচনা নকৰাকৈ কেৰিয়াৰ নিৰ্বাচন কৰিলে সঠিক সফলতা লাভ কঠিন হয়। সামাজিক অনুষ্ঠানসমূহে অভিভাৱক, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এক সুস্থ আলোচনা সৃষ্টি কৰি সচেতনতা বৃদ্ধি কৰিব পাৰে। বিশেষকৈ গ্ৰামাঞ্চলত কেৰিয়াৰ সম্পৰ্কীয় তথ্যৰ অভাৱ দেখা যায়। সেয়েহে বিভিন্ন সামাজিক সংগঠন আৰু শিক্ষানুষ্ঠানে এই ক্ষেত্ৰত অধিক দায়িত্বশীল ভূমিকা গ্ৰহণ কৰা উচিত।

বৰ্তমান ভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP 2020)-এ বহুমুখী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শিক্ষাৰ্থীয়ে নিজৰ মূল বিষয়ৰ লগতে আন বিষয় বা দক্ষতামূলক পাঠ্যক্রমো অধ্যয়ন কৰিব পাৰে। এই ব্যৱস্থাই শিক্ষাৰ্থীৰ সৃজনশীলতা আৰু বহুমুখী দক্ষতা বৃদ্ধি কৰিব। সামাজিক অনুষ্ঠানসমূহে যদি এই নতুন শিক্ষানীতিৰ বিষয়ে সচেতনতা সৃষ্টি কৰে, তেন্তে শিক্ষাৰ্থীসকল অধিক উপকৃত হ’ব।

প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰতো সামাজিক অনুষ্ঠানসমূহৰ ভূমিকা গুৰুত্বপূর্ণ। UPSC, APSC, SSC, Banking, Railway, NEET, JEE, GATE, NET আদি পৰীক্ষাৰ বিষয়ে বহু শিক্ষাৰ্থীৰ সঠিক ধাৰণা নাথাকে। বিভিন্ন সামাজিক সংগঠন, গ্ৰন্থাগাৰ বা শিক্ষানুষ্ঠানে যদি বিনামূলীয়া কাউন্সেলিং, ম’ক টেষ্ট, কুইজ বা পথ-নির্দেশনা শিবিৰ আয়োজন কৰে, তেন্তে বহু মেধাৱী শিক্ষাৰ্থী উপকৃত হ’ব। লগতে শিক্ষাৰ্থীসকলৰ মাজত অধ্যৱসায়, সময় ব্যৱস্থাপনা আৰু নিয়মীয়া অধ্যয়নৰ অভ্যাস গঢ়ি তোলাতো এই অনুষ্ঠানসমূহে সহায় কৰিব পাৰে।

সামৰণিত ক’ব পাৰি যে শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানসমূহৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। এই অনুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৱল পঢ়াশুনাতেই নহয়, জীৱনৰ বাস্তৱ ক্ষেত্ৰসমূহৰ বাবেও প্রস্তুত কৰে। নেতৃত্ব, আত্মবিশ্বাস, সামাজিক দায়িত্ববোধ, যোগাযোগ দক্ষতা, নৈতিকতা আৰু সঠিক কেৰিয়াৰ সচেতনতা গঢ়ি তোলাত সামাজিক অনুষ্ঠানসমূহে এক শক্তিশালী ভূমিকা পালন কৰে। সেয়েহে বিদ্যালয়, মহাবিদ্যালয়, অভিভাৱক, শিক্ষক আৰু সমাজৰ সকলো স্তৰৰ লোকে শিক্ষাৰ্থীসকলক সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা উচিত। তেতিয়াহে শিক্ষিত, দক্ষ, আত্মবিশ্বাসী আৰু সমাজসচেতন নতুন প্ৰজন্ম গঢ়ি উঠিব।

বি.দ্র.: কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।