বিজ্ঞান-সন্মত মন মানসিকতাৰ স্খলন হৈছে – নাছিৰ আহমেদ

Pc This Is Not A Memo - Substack

বিজ্ঞান-সন্মত মন মানসিকতাৰ স্খলন হৈছে

নাছিৰ আহমেদ, শিমলাবাৰী,গোৱালপাৰা

একৈশ শতিকাৰ দ্বিতীয় দশক অতিক্ৰম হোৱাৰ পথত। ইতিমধ্যে বিশ্ব মানৱ-সভ্যতা চূড়ান্ত পৰ্য্যায় পাইছেগৈ। গোটেই বিশ্বজুৰি বিজ্ঞানৰ জয়জয় ময়ময় অৱস্থা। বিজ্ঞানৰ ন ন চমকপ্ৰদ আৱিষ্কাৰে গোটেই বিশ্বখন এখন গ্লোবেল ভিলেজলৈ পৰিণত হৈছে। মানুহৰ জীৱন যাত্ৰাৰ মান বহুত উন্নত হৈ পৰিছে। ডিজিটেল যুগৰ সূচনা হৈ বিশ্বৰ বিভিন্ন দেশৰ জনগণৰ মাজত পৰস্পৰে পৰস্পৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ পৰিছে।

কিন্তু, সেই অনুপাতে আমাৰ এচিয়া মহাদেশৰ বিশেষকৈ ভাৰতীয় মানুহৰ মন-মানসিকতা এতিয়াও প্ৰাচীন যুগৰ উঁৱলি যোৱা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছে। কোনো ঘটনাৰ কাৰ্য-কাৰণ সূত্ৰৰ সহায়ত ঐতিহাসিক পটভূমিৰ অৱলম্বনত বিজ্ঞান-সন্মত ভাৱে চিন্তা চৰ্চা কৰি যুক্তি-সঙ্গত ভাৱে নিৰ্ধাৰণ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। চিকিৎসা বিজ্ঞানৰ অভুতপূৰ্ব সাফল্যৰ পিছতো এতিয়াও আমাৰ দেশৰ অধিকাংশ মানুহে কোনো শাৰীৰিক বা মানসিক ৰোগত আক্ৰান্ত হ’লে উন্নত মানৰ আধুনিক চিকিৎসা পদ্ধতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে ওজা বা বেজৰ দ্বাৰা জৰা-ফুকা , তন্ত্ৰ-মন্ত্ৰ,তাবিজ-মাদুলি আদি লোৱা দেখা যায়। এতিয়াও আমি জ্যোতিষীৰ গণনাৰ ওপৰত বিশ্বাস কৰোঁ। হাতৰ পাঁচটা আঙুলিত পাঁচ ধৰণৰ ৰত্ন পিন্ধি ভাগ্যৰ গতি নিৰ্ধাৰণ কৰোঁ। ভুত প্ৰেত, দানহ, ডাইনী, যখিনী, জ্বিন,পৰী বিশ্বাস কৰি এইবোৰৰ দ্বাৰা আমাৰ জীৱনত কু-প্ৰভাৱ পৰা বা আক্ৰান্ত হোৱা বুলি মনে প্ৰাণে বিশ্বাস কৰোঁ।

আমাৰ জীৱনৰ ওপৰত বেছি প্ৰভাৱ পৰে ধৰ্মীয় কুসংস্কাৰ আৰু অন্ধবিশ্বাস তথা অলৌকিক কাৰ্যসমূহ।  এসময়ত পৃথিৱীৰ বিভিন্ন দেশৰ সমাজত বসবাস কৰা জনগোষ্ঠীসমূহক শান্তিপূৰ্ণ ভাৱে একত্ৰিত হৈ জীৱন নিৰ্বাহ কৰাৰ বাবে আমূল পৰিবৰ্তনৰ ধাৰা হিচাপে পৃথিৱীৰ বিভিন্ন ধৰ্মসমূহৰ সৃষ্টি হৈছিল। সেই ফালৰ পৰা সমাজৰ শৃংখলা বজাই ৰাখিবলৈ ধৰ্মীয় ৰীতি নীতিসমূহৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি।

কিন্তু, এতিয়া ধীৰে ধীৰে সকলো ধৰ্মীয় আচাৰ-অনুষ্ঠানসমূহৰ মাজত কেৰোণ সোমাই গৈছে। বিভাজনকামী , সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা ধৰ্মীয় গোড়ামী বা ধৰ্মান্ধতাই সমাজখন ক্ৰমে কলুষিত কৰি পেলাইছে। বৰ্তমান বেছিভাগ ধৰ্মই ৰাজনীতিৰ মেৰপেঁচত সোমাই শোষক শ্ৰেণীৰ শক্তিশালী অস্ত্ৰ হৈ পৰিছে। যাৰ কাৰণে, সৰু সৰু ঘটনাৰ আলমত বিভিন্ন ধৰ্মাৱলম্বী লোক সকলৰ মাজত দিনে দিনে সংঘাত তীব্ৰ গতিত বৃদ্ধি হৈ আছে। যেনে -হিন্দু ধৰ্মৰ কোনো শাস্ত্ৰত লিখা নাই যে, তেওঁলোকে  গো-মাতা বুলি পূজা কৰা গৰুক অন্য ধৰ্মাৱলম্বী লোক সকলে ভক্ষণ কৰিব নোৱাৰিব। আনহাতে, ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থৰ ক’তো লিখা নাই যে, ঈদ-উল আজহা উপলক্ষে গৰুক কোৰবানী দিব লাগিব।  আচলতে, ঈশ্বৰ বা আল্লাহৰ নামত কোনো জীৱ ( ডাঙৰৰ পৰা ক্ষুদ্ৰ) হত্যা কৰা অবিজ্ঞান-সন্মত। অতি প্ৰাচীন কালতে পৃথিৱীৰ সকলো দেশতে ঈশ্বৰ বা দেৱতাৰ নামত নৰবলি হত্যাৰ প্ৰচলন আছিল । ধৰ্মসমূহৰ আৱিৰ্ভাৱৰ সময়ত নৰবলিৰ দৰে নিষ্ঠুৰ হত্যাকাণ্ডৰ পৰা মানুহৰ মন-মানসিকতাক আঁতৰাই ঈশ্বৰ বা আল্লাহৰ নামত জীৱ-জন্তু বলি বা কোৰবানীৰ নিৰ্দেশ দিছিল। মানৱ সভ্যতাৰ চৰম বিকাশৰ এই মুহূৰ্তত ঈশ্বৰ বা আল্লাহৰ নামত কোনো জীৱ বলি বা কোৰবানী কৰাতকৈ সমাজৰ দুখীয়া শ্ৰেণীক আৰ্থিক সহায়- সহযোগিতা আগবঢ়ালে বেছি সমাজখন বেছি উপকৃত হ’ব। গতিকে, ধৰ্মীয় ৰীতি নীতি পালন কৰাৰ নামত বৰ্তমান যুগৰ লগত খাপ নোখোৱা কুসংস্কাৰ আৰু অন্ধবিশ্বাসসমূহ বৰ্জন কৰা উচিত হ’ব।

এইবোৰৰ উপৰিও অতি প্ৰাচীন কালৰে পৰা আমাৰ সমাজত প্ৰচলিত হৈ থকা নানা বিশ্বাস,ঐতিহ্য, কিংবদন্তি, জনশ্ৰুতি আদি বিজ্ঞানাগৰত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ মানি চলা সঠিক সিদ্ধান্ত হ’ব নোৱাৰে ; বিজ্ঞানৰ মাপকাঠিৰে গ্ৰহণ-বৰ্জন নীতি নিৰ্দেশনা মানি তাক যুগপোযোগী কৰি গ্ৰহণ কৰিলেহে সমাজৰ হিত সাধন হ’ব।