ৰঙা কৃষ্ণচূড়াৰ প্ৰেমত পৰিছোঁ – ছেলিমা বেগম

Pc শিক্ষক বাতায়ন

ৰঙা কৃষ্ণচূড়াৰ প্ৰেমত পৰিছোঁ

ছেলিমা বেগম , নগাঁও 

মই প্রেমিক ৰঙা কৃষ্ণচূড়াৰ
যাৰ ৰঙীণ আঁভাই প্ৰেমৰ জোৱাৰ উঠে
ঐ কৃষ্ণচূড়া ৰঙা গাল দুখন লৈ
কেৰাহি কৈ নাচাবি আমাৰ ফালে।
কৃষ্ণচূড়া কাচলি ৰ’দৰ কোমল পাহি ,
যেন তোৰ ৰক্তাভ চাৱনি সহিব নোৱাৰি
কিয় মোৰ মন জয় কৰি প্ৰেমত মতলীয়া
কৰিলি, মই সদায় তোৰ অপেক্ষাত।
হৃদয় ৰঙীণ কৰি তই আহিবি জেঠ মাহত,
কৃষ্ণচূড়া তই যে মিঠা প্ৰেমৰ অতুলনীয় প্রহৰী
চকু দুটা বন্ধ কৰি দিলে মনৰ মাজত তোৰ ছবি দেখা পাওঁ ,
উফ্! ৰঙা ৰূপখিনি লুকাভাকু খেলে।
যেতিয়া আকাশখন ক’লা ডাৱৰে আবৰি ধৰে ,
তেতিয়া তোৰ ৰঙা ৰূপ খিনি চকুত
 জিলিকি উঠে প্ৰেমৰ লীলা কৰি
প্ৰেমৰ সাগৰত পৰি হাবু ডুবু কৰে।
সেউজীয়া পাতৰ ওপৰত মূৰ থৈ,
থোপা -থোপে ফুলি থাকা কিয়?
তোৰ ৰূপলাৱণ্যত মন মোৰ মতলীয়া কৰে,
  কল্পনা ৰাজ্যত প্ৰেমিক চৰাই হৈ মন মোৰ বলীয়া কৰে !
error: Content is protected !!