টেট উত্তীৰ্ণৰ চাকৰিৰ লগতে নতুনকৈ গঠন কৰা আৰু জিলা আৰু মহকুমাসমূহৰ বাবে প্রশাসনিক পদসমূহ শীঘ্রে পূৰণৰ চিন্তা – মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

টেট উত্তীৰ্ণৰ চাকৰিৰ লগতে নতুনকৈ গঠন কৰা আৰু জিলা আৰু মহকুমাসমূহৰ বাবে প্রশাসনিক পদসমূহ শীঘ্রে পূৰণৰ চিন্তা – মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

বাৰ্ত্তাসেৱা- শিক্ষা বিভাগৰ বিভিন্ন পদত খালী হৈ থকা পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰে শীঘ্রে পদক্ষেপ গ্রহণ কৰিব৷ ৷ আজি জনতা ভৱনত শিক্ষা বিভাগৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি এইক্ষেত্রত পদক্ষেপ গ্রহণৰ নির্দেশ দিয়ে৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু বিত্তমন্ত্রী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ বিভিন্ন কাম–কাজৰ পর্যালোচনা কৰি আজি মুখ্যমন্ত্রীয়ে বিভাগটোৰ শীর্ষ বিষয়াসকলক কেইবাটাও গুৰুত্বপূর্ণ নির্দেশ দিয়ে৷আনহাতে, ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অগ্রাধিকাৰ ভিত্তিত শিক্ষকক নিযুক্তি প্রদান কৰা আৰু এই নিযুক্তিৰ বাবে সংশ্লিষ্ট বিদ্যালয়সমূহক কর্তৃত্ব প্রদান কৰিবলৈ শিক্ষা বিভাগক প্রয়োজনীয় এম্পাৱাৰমেণ্ট কমিটী গঠনৰ পৰামর্শ দিয়ে মুখ্যমন্ত্রীয়ে৷ এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই চাহ বাগিচা এলেকাত নৱনির্মিত বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ পদ সৃষ্টি কৰা, কলেজ শিক্ষকৰ নিযুক্তিক এক নিয়মীয়া প্রক্রিয়াৰূপে গ্রহণ কৰা, ২০২২ চনৰ পৰৱর্তী গুণোৎসৱ অনুষ্ঠিত কৰিব পৰাকৈ পূর্বৰ আয়োজিত গুণোৎসৱৰ ফলাফল ৰূপে হাতত ল’বলগীয়া আন্তঃগাঁথনিমূলক কামসমূহ শীঘ্রে সম্পূর্ণ কৰাৰ বাবেও মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷