“বন্ধুলৈ বুলি” -কুমুদ চন্দ্ৰ মেধি (বন্ধুবৰ মহেশ চন্দ্ৰ মেধিৰ সোঁৱৰণত)

বন্ধু তোমাক
আশীষ যাচিছোঁ
তোমাৰ তুলনা নাই,
হিয়াৰ উমেৰে
চেনেহ বৰষি
প্রেমেৰে দিলা উপচাই।

ভৰ বাৰিষাৰ
কোবাল সোঁত
নাওঁ যেন ডুবু ডুবু ,
নদীৰ মাজত
নাৱৰীয়াৰ মন
ঘনে কঁপে দূৰু দূৰু।

জীৱন বাটত
উজুটি খালেও
নহবলে’ বিচলিত,
কৈছিলা সুখ দুখ
ইপিঠি সিপিঠি
সংসাৰ বননিত ।

আত্মবিশ্বাসেৰে
জীৱন সংসাৰ
সাঁতুৰিব সন্ধিক্ষণত,
সাহস দিছিলা
ধৈৰ্য্যৰে যুঁজিব
সময়ৰ আহ্বানত।

নিশাৰ এন্ধাৰ
আঁতৰি আহিব
প্রভাতৰ আগমনত,
কাল ৰাত্ৰিৰ
অৱসান হ’ব
সূৰুযৰ প্ৰকাশত ।