দেউতা-কবিতা দত্ত লহকৰ

দেউতা

আজিও মনত আছে
সেই কালিমা সনা দিনটোৰ কথা ।
বিদ্যালয়ত থাকোতেই খবৰ আহিল
দেউতাৰ বোলে অসুখ ।
কোনোবা এজনে মোক নিবলৈ আহিছিল,
বিদ্যালয়ৰ পৰা।
তেতিয়া যদিও মই
বহুত সৰু আছিলো বয়সত
তথাপিও মনটো যেন
কিবা অশান্ত হৈ পৰিছিল
কিবা এটা যেন বহুত বেয়া হোৱাৰ আশংকাত
বুকুত অযুত বেদনাই ছানি ধৰিছিল।
চকুত অযুত প্ৰশ্নই ঘেৰি ধৰিছিল।
এনেদৰেই অশান্ত মনটোৰ সৈতে
আহি দেখা পালো
দেউতাৰ নীথৰ দেহাটো
মাটিত পৰি আছিল ।
মোৰ বুজিবলৈ আৰু বাকী নাথাকিল ।
নিস্তদ্ধ হৈ পৰিছিলো মই।
চকুৰে ধুঅলি কুৱলী দেখিছিলো
চাৰিওফালে মাথো অন্ধকাৰ ।
সকলো যেন নিঃশেষ হৈ গৈছিল।
দেউতা গুছি গৈছিল আমাক এৰি ।
বিলীন হৈ গৈছিল মাটিৰ লগত।
দেউতা …………….
পৰা নাই পাহৰিব
সেই নিষ্পাপ দিনটোৰ কথা ।।।।
যতেই আছা তুমি ভালে থাকা দেউতা।।।
আশীৰ্বাদ কৰিবা সদায়
আমি যেন তোমাৰ সপোনবোৰ
পুৰণ কৰিবলৈ সক্ষম হওঁ ।।।।।।

 

কবিতা দত্ত লহকৰ, ৰঙিয়া