জ্ঞান যোগ
হেমন্ত কুমাৰ শইকীয়া
ককাক সুধিলোঁ এদিন ৰাতিপুৱা
এই ধৰ্ম কি,
কি এই ভগৱান?
একোকে বুজি নোপোৱা
তথাপি চবৰে খোৱা কামোৰা!
এক্ষন্তেকো পলম নকৰি
ককাই আনিলে বাৰী ঢাপৰ
পূৰঠ কুহিয়াঁৰ এডাল কাটি|
দাঁতেৰে বাকলি এৰুৱাই এৰুৱাই
কুহিয়াঁৰৰ স্বাদ
মোকো দিলে ককাই|
বহি বহি চোবাই দুয়ো
মিঠা মিঠা ৰস
গিলি থাকিলো|
খোৱাৰ শেহত ককাই আৰম্ভ কৰিলে,
এতিয়া যি কওঁ কথা
মন দি শুনা
আৰু বুজি উঠা|
এই যে বাকলিবোৰ
দাঁতেৰে এৰুৱাই থ’লো
তাকে মই বেদ ক’লো|
চোবাই চোবাই যি
কৰিলোঁ পান
সেয়ে হ’ল ধৰ্ম জ্ঞান|
আৰু এই যে
ৰসহীন অৱশিষ্ট
দেৱ দেৱী ভগৱান বিশিষ্ট|
তুমি এইবোৰ পূঁজিবও পাৰা,
অথবা গধুলি মোৰ লগত জুহালত জ্বলাই
উম ল’বও পাৰা|
এইবাৰ পিঠিত সৰিয়হৰ
মোনাটো লৈ
ককা ওলাই গ’ল|
আৰু মোক ক’লে
আজি সৰিয়হ নিসিঁচিলে
চপোৱাৰ সময়ত পাব বৰষুণে।