প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ বিকাশৰ যি পথ প্ৰশস্ত হৈছে, আমি সেই ৰাস্তাৰেই চলিবলৈ আৰম্ভ কৰিব লাগিবঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

pc India TV

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ বিকাশৰ যি পথ প্ৰশস্ত হৈছে, আমি সেই ৰাস্তাৰেই চলিবলৈ আৰম্ভ কৰিব লাগিবঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ অংশ হিচাপে আয়োজিত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ঐতিহাসিক লালকিল্লাৰ পৰা এনএছজিৰ সৰ্বভাৰতীয় কাৰ ৰেলী ‘সুদৰ্শন ভাৰত পৰিক্ৰমা’ পতাকা জোকাৰি উদ্বোধন কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সৰ্বভাৰতীয় চাইকেল ৰেলীৰো ফ্লেগ অফ কৰে। দুই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয় যে আজিৰ দিনটো সমগ্ৰ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। ২ অক্টোবৰৰ এই দিনটো ভাৰতীয় জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰাক্তন প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্ৰীৰ দৰে দুই মহান মহীৰূহৰ জন্মদিন। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যদি আমি ভাৰতীয় ইতিহাসত উভতি চাওঁ, তেতিয়াহ’লে এই দুই মহান ভাৰতীয়ই দেশৰ ইতিহাসত অভাৱনীয় অৱদান আগবঢ়াই গৈছে। তদুপৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ বিকাশৰ যি পথ প্ৰশস্ত হৈছে, আমি সেই ৰাস্তাৰেই চলিবলৈ আৰম্ভ কৰিব লাগিব।